কাশ্মীৰ প্ৰসংগত আন্ত:ৰাষ্ট্ৰীয় মঞ্চত লজ্জাজনকভাৱে পৰাজয়ৰ সন্মুখীন হোৱা পাকিস্তান এতিয়া সম্পূৰ্ণ ব্যতিব্যস্ত।পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দিকবিদিক হেৰুৱাই ভাৰতক যুদ্ধৰ ভাবুকি দিবলৈ ধৰিছে।আনকি বুধবাৰে
'গজনবী' ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা কৰি সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা দেশখনে ভাৰতক যেন আকৌ এবাৰ ভাবুকি দিলে।কিন্তু,২৯০-৩২০ কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা গজনবীলৈ ভাৰতে পৰোৱা কৰিব লগীয়া নাই।কাৰণ, ক্ষেপণাস্ত্ৰৰ শক্তিৰ ক্ষেত্ৰত ভাৰত পাকিস্তানতকৈ বহু ওপৰত।ভাৰতৰ ৫০০০ কি:মি: দূৰত্বলৈ নিক্ষেপ কৰিব পৰা আন্ত:মহাদেশীয় ক্ষেপণাস্ত্ৰৰ 'অগ্নি-৫' থকাৰ বিপৰীতে পাকিস্তানৰ কোনো আন্ত:মহাদেশীয় ক্ষেপণাস্ত্ৰ নাই।
আনহাতে,পাকিস্তানৰ গজনবীৰ বিপৰীতে ভাৰতৰ হাতত ৩৫০ কিঃমিঃ দূৰত্বলৈকে নিক্ষেপ কৰিব পৰা তিনিপ্ৰকাৰৰ ক্ষেপণাস্ত্ৰৰ ইতিমধ্যে মঁজুত আছে।সেইকেইটা হৈছে পৃথ্বী-২,পৃথ্বী-৩,ব্ৰহ্ম'ছ আৰু ধনুষ।গতিকে,পাকিস্তানৰ গজনবীৰ পৰীক্ষা ভাৰতৰ বাবে ধোৰাসাপৰ ফোঁচফোঁচনিৰ বাদে আন একো নহয়।
- Log in to post comments
- 35 views