আফগানিস্তানত প্ৰায় প্ৰতিদিনে ৰক্তাক্ত কূটাঘাত কৰা সন্ত্ৰাসবাদী সংগঠনসমূহৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক শত্ৰুজ্ঞান কৰি আহিছে দেশখনে।এতিয়া,পাকিস্তানে আফগানিস্তানৰ সীমান্তৰ সমীপৰ অঞ্চলসমূহত ধাৰাবাহিকভাৱে ৰকেট নিক্ষেপ আৰু গোলাবর্ষণ কৰি আছে বুলি ৰাষ্ট্ৰসংঘত অভিযোগ দাখিল কৰিছে আফগানিস্তানে।
ৰাষ্ট্ৰসংঘত আফগানিস্তানৰ ৰাষ্ট্ৰদূত অডেলা ৰাজে এখন পত্ৰ লিখি অভিযোগ কৰিছে যে পাকিস্তানী সৈনিকে যোৱা ১৯ আৰু ২০ আগষ্টত আফগানিস্তানৰ শ্বেল্টন জিলাত ২০০ টা ৰকেট নিক্ষেপ কৰিছে,যাৰ বাবে জনসাধাৰণে তেনে এলেকা সমূহৰ পৰা পলায়ন কৰিব লগীয়া হৈছে,জনতাৰ সা-সম্পত্তিৰ ক্ষতি সাধন হৈছে।আফগানিস্তানে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদক বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।পাকিস্তানৰ এনে কৰ্মকাণ্ডৰ পৰা দেশখন যে আন্ত:ৰাষ্ট্ৰীয় শান্তি-সৌহাৰ্দ্য বিঘ্নিত কৰা এখন ৰাষ্ট্ৰ,সেয়া পুনৰ প্ৰমাণ হ'ল।
- Log in to post comments
- 30 views