অসমবাসীৰ লগত আছিল এক দীঘলীয়া যাত্ৰা । দেশৰ প্ৰতিটো অঞ্চল বুজি পোৱাৰ দৰে অসমকো ভালদৰে বুজিব পাৰিছিল ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ।
অসমবাসীৰ হৃদয়ত স্থান পাইছিল আধুনিক ভাৰতৰ স্ৰষ্টা অটল বিহাৰী বাজপেয়ীয়ে । অসম আন্দোলনক পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বাবে নিজে জড়িত হৈ পৰিছিল ।
সংসদৰ মজিয়ালৈকে লৈ গৈছিল । অসম আন্দোলনক ৰাষ্ট্ৰীয় আন্দোলনৰূপে প্ৰতিষ্ঠা কৰিছিল বাজপেয়ীয়ে ।
উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী বাজপেয়ীয়ে মুকলি কৰিছিল ড'নাৰ মন্ত্ৰণালয় । কলকাতালৈকে আছিল ইষ্ট-ৱেষ্ট কৰিড'ৰ ।
বাজপেয়ীয়ে অসম তথা উত্তৰ-পূবলৈ বৃদ্ধি কৰিলে । বগীবিল দলং, নৰনাৰায়ণ সেতু, গোপীনাথ বৰদলৈক ভাৰতৰত্ন, চিকিৎসা মহাবিদ্যালয়ৰ আন্তগাঁথনি, বড়ো চুক্তি কৰাকে লৈ বহু অৱদান দি গৈছে ।
সততাৰ ৰাজনৈতিক নেতা হিচাপে এক ইতিহাস গঢ়িলে অটল বিহাৰী বাজপেয়ীয়ে ।
- Log in to post comments
- 29 views