নিউজীলেণ্ডত বিদেশী নাগৰিকে গৃহ ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এই ঐতিহাসিক পদক্ষেপ গৃহীত হৈছে নিউজীলেণ্ড সংসদত ৷
দেশখনৰ ভূ-খণ্ডত বিদেশী ক্ৰেতাই ঘৰ কিনাত নিষেধাজ্ঞা আৰোপ কৰি বুধবাৰে নিউজীলেণ্ডৰ সংসদে এখন কঠোৰ বিধেয়কত অনুমোদন জনায় ৷
এই প্ৰসংগত নিউজীলেণ্ডৰ সহযোগী বিত্তমন্ত্ৰী ডেভিদ পাৰ্কাৰে সংবাদ মাধ্যমক কয়, ‘আমাৰ দেশত বিদেশী ক্ৰেতাৰ গৃহ ক্ৰয়ৰ হাৰ অতি বেছি ৷পৰিণতিত নিজ দেশতে ভাৰাতীয়াৰ দৰে থাকিবলগীয়া হৈছে নিউজীলেণ্ডৰ নাগৰিকসকল ৷’
প্ৰাপ্ত তথ্যমতে, শেহতীয়া সময়ত নিউজীলেণ্ডৰ মুঠ জনসংখ্যাৰ চাৰি ভাগৰ এভাগ স্বদেশী নাগৰিকৰহে নিজাকৈ ঘৰ আছে ৷ গৃহসমূহৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পৰিণতিত বিগত ৫ বছৰত গৃহহীন স্বদেশীৰ সংখ্যা ভয়ানক হাৰত বৃদ্ধি হয় ৷
সেয়েহে গৃহ ক্ৰয় নীতি সলনি কৰিবলৈ অৱশেষত বাধ্য হ’ল নিউজীলেণ্ড চৰকাৰ ৷
মন্ত্ৰী পাৰ্কাৰে প্ৰকাশ কৰামতে, নতুনকৈ আৰোপিত নিষেধাজ্ঞাৰ ফলত স্থানীয় নাগৰিকসকলৰ বাবে গৃহ ক্ৰয় যথেষ্ট সহজ হৈ পৰিব ৷
মন্ত্ৰীগৰাকীয়ে কয়, ‘যিসকল নাগৰিকৰ এই ভূ-খণ্ডতে জন্ম, যিসকলে নিজ চৰকাৰক কৰ-কাটল আদায় দিয়ে, তেওঁলোকক আপোন ভূমিতে গৃহহীন হ’বলৈ দিয়া নহ’ব ৷’
অৱশ্যে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰৰ ক্ৰেতাসকলক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ৷ প্ৰাপ্ত তথ্যমতে, নিজাকৈ একোটা গৃহৰ অভাৱত পৰি নিউজীলেণ্ডৰ অগণন ভূমিপুত্ৰই নিজৰ গাড়ী, গেৰেজৰ ভিতৰত অথবা দলং, উৰণীয়া সেতু আদিৰ তলতে বাস কৰিবলগীয়া হৈছে ৷
- Log in to post comments
- 7 views