প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে বাৰ্তালাপৰ পিছতে ভাৰতৰ পক্ষ ল'লে ডোনাল্ড ট্ৰাম্পে:  ইমৰান খানক  সংযত হ'বলৈ সকীয়ালে 

trump

নিউজ ডেস্ক:
সোমবাৰে মাজনিশা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ হোৱাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সংযত হ'বলৈ সকীয়াই দিলে ট্ৰাম্পে।ট্ৰাম্পৰে বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰিছিল যে পাকিস্তানৰ পক্ষৰ পৰা অহা আক্ৰমণাত্মক বক্তব্য আঞ্চলিক শান্তিৰ বাবে লাভজনক নহয়।পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদ বন্ধ হ'ব লাগিব বুলি মোডীয়ে দৃঢ়ভাৱে ট্ৰাম্পৰ আগত উল্লেখ কৰিছিল।


ইয়াৰ পিছতে ইমৰান খানৰে বাৰ্তালাপ হয় ডোনাল্ড ট্ৰাম্পৰ।এই বাৰ্তালাপত খানক যিকোনো ধৰণৰ আক্ৰমণাত্মক পদক্ষেপ, মনোভাৱ,বক্তব্য প্ৰদান নকৰিবলৈ স্পষ্টভাৱে কয় ট্ৰাম্পে।আঞ্চলিক শান্তি বৰ্তাই ৰাখিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ কয় মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।ট্ৰাম্পে নৰেন্দ্ৰ মোডীৰ বক্তব্যৰ সমৰ্থন কৰাটোৱে ভাৰত-আমেৰিকাৰ গভীৰ বন্ধুত্বৰ পুনৰ প্ৰমাণ দাঙি ধৰিলে।

Your Comments