নিউজ ডেস্ক :
দিল্লীৰ এইমছত যোৱা ৯আগষ্টৰ পৰা চিকিৎসাধীন হৈ থকাৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ললে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। সোমবাৰে ৰাতি মুখ্যমন্ত্ৰী গৰাকীয়ে এইমচত লাইফ চাপোৰ্ট চিষ্টেমত চিকিৎসাধীন হৈ থকাৰ মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰীৰ চিকিৎসাৰ বুজ লয় আৰু হস্পিতালতে জেটলিৰ পৰিয়ালক সাক্ষাৎ কৰে।
উল্লেখ্য যে যোৱা শুক্ৰবাৰৰ পৰা প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে।
- Log in to post comments
- 9 views