ট্ৰাম্পৰ বিৰুদ্ধে অৱস্থান মাৰ্কিন সংবাদ মাধ্যমৰ

ট্ৰাম্পৰ বিৰুদ্ধে অৱস্থান মাৰ্কিন সংবাদ মাধ্যমৰ

বিভিন্ন সময়ত বিভিন্ন বিতৰ্কেৰে বিশ্বৰ সংবাদ শীর্ষ দখল কৰি থকা আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপ্ৰতি ড'নাল্ড ট্ৰাম্পৰ বিপক্ষে থিয় দিছে এইবাৰ ৰাষ্ট্ৰখনৰ ১০০ সংবাদ গোষ্ঠী ।

প্ৰথম বিশ্বৰ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপ্ৰতি হিচাপে ট্ৰাম্প নিৰ্বাচিত হোৱা দিনৰে পৰা সংবাদ গোষ্ঠীৰ প্ৰতি সৰৱ হৈ পৰা প্ৰায়ে দেখিবলৈ পোৱা গৈছিল ।

সংবাদ মাধ্যমৰ প্ৰতি ট্ৰাম্পৰ এনে আচৰণৰ বাবে ৰাষ্ট্ৰখনৰ সবাতোকৈ প্ৰচলিত নিউয়ৰ্ক টাইমছ কাকতখনকে ধৰি ৰাষ্ট্ৰখনৰ ১০০খন সংবাদ-পত্ৰৰ সম্পাদকে ১৬ আগষ্ট অৰ্থাৎ আজি সম্পাদকীয় পৃষ্ঠাত ৰাষ্ট্ৰপ্ৰতিগৰাকীৰ বিৰুদ্ধে "ট্ৰাম্পৰ শাসনকালে মৃত্যু ঘটাব পাৰে সংবাদ মাধ্যম" শীর্ষক লেখাৰ সিদ্ধান্ত লৈছে ।

এইটোৱে বিশ্বৰ শক্তিশালি ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমৰ ইতিহাসত এক নতুন ইতিহাস বুলি চিহ্নিত হৈছে ।

Your Comments