প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূটান ভ্ৰমণ আৰম্ভ

modi

দুদিনীয়া ভ্ৰমণসূচীৰে আজিৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূটান ভ্ৰমণ আৰম্ভ হৈছে।পুৱাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানযোগে উপস্থিত হয় চুবুৰীয়া ৰাষ্ট্ৰখনত।প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়তো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখন ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।ভূটানৰ পাৰো বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী মোডীক সমদল কৰি লৈ যোৱা হয় দেশখনৰ ৰাজপ্ৰসাদলৈ।আবেলিৰ ভাগলৈ ভূটানৰ সংসদ ভৱনত ভূটানৰ ৰজা জিগমে ৱাংচুক আৰু প্ৰধানমন্ত্ৰী ডাঃলটাই ছেৰিঙৰ সৈতে দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী।প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণত দুয়োখন দেশৰ বাণিজ্যিক আৰু জলবিদ্যুৎ উৎপাদনত সহযোগিতাৰ বিষয়সমূহে প্ৰধানকৈ গুৰুত্ব লাভ কৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটান বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰিব।দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এই ভ্ৰমণকালতে মুকলি হ'ব ডাক টিকট। ইয়াৰ উপৰিও ভুটানত মাংদিছু জলবিদ্যুৎ প্ৰকল্প উদ্ধোধন কৰিব মোডীয়ে।

Your Comments