ৰাষ্ট্ৰসংঘৰ কাশ্মীৰ প্ৰসংগৰ বৈঠক: ভাৰতক সমৰ্থন দি পুৰণি মিত্ৰতাৰ প্ৰমাণ দিলে ৰাছিয়াই

modi putin

নিউজ ডেস্ক:

পূৰ্বে ছোভিয়েট ৰাছিয়া ভাৰতৰ পৰম মিত্ৰ আছিল।এতিয়া ৰাছিয়াৰ সৈতেও ভাৰতৰ মিত্ৰতা পূৰ্বৰ দৰেই উষ্ণভাৱে অটুট আছে।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কাশ্মীৰ সম্পৰ্কীয় অনানুষ্ঠনিক বৈঠকত ভাৰতৰ স্থিতিৰ পক্ষত ঠিয় দি ৰাছিয়াই পুনৰ ভাৰতৰ সৈতে থকা পৰম মিত্ৰতাক প্ৰমাণ কৰিলে।ৰাছিয়াই কাশ্মীৰ প্ৰসংগত ভাৰত-পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক আলোচনাৰ সমৰ্থন কৰে।


উল্লেখ্য যে নিৰাপত্তা পৰিষদৰ বৈঠকত চীনৰ বাহিৰে অন্যান্য দেশসমূহৰ পৰা পাকিস্তানে কাশ্মীৰ প্ৰসংগত সমৰ্থন আদায় কৰিবলৈ নোৱাৰিলে।ইফালে,ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী দূত ছৈয়দ আকবৰউদ্দিনে কয় যে অনুচ্ছেদ ৩৭০ ভাৰতৰ আভ্যন্তৰীণ বিষয়।ইয়াত বাহিৰা লোকৰ হস্তক্ষেপৰ প্ৰয়োজন নাই।

Your Comments