অহা ৫ বছৰত ভাৰতৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন হোৱাটো সম্ভৱ,  মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি বিকাশৰ গতি ত্বৰান্বিত কৰা হৈছে : প্ৰধানমন্ত্ৰী মোডী

modi-ind

নিউজ ডেস্ক:

আজি ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাতীয় পতাকা উত্তোলন কৰাৰ পিছত দেশবাসীক উদ্দেশি প্ৰদান কৰা ভাষণত কয় যে অহা ৫ বছৰত ভাৰতবৰ্ষৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন হোৱাটো সম্ভৱ। প্ৰধানমন্ত্ৰীয়ে কয়, এইটো আমাৰ বাবে গৌৰৱৰ বিষয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি বিকাশৰ গতি ত্বৰান্বিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) আঁতৰোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে, দেশবাসীয়ে যি কাম দিছিল, সেয়া সম্পন্ন কৰা হ'ল। আমি সমস্যাক পুহি নাৰাখো আৰু সমস্যালৈ আওকাণ কৰি নাথাকোঁ।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে 'চীফ অব ডিফেন্স ষ্টাফ' পদবী সৃষ্টিৰ বিষয়ে ঘোষণা কৰে। সেনাৰ তিনিওটা বিভাগৰ মাজত সুসামঞ্জস্য সৃষ্টি কৰিবলৈ আৰু প্ৰভাৱী নেতৃত্ব প্ৰদান কৰিবলৈ এই পদবীটো সৃষ্টি কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ লোকসভা আৰু বিধানসভাসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 'এক ভাৰত-শ্রেষ্ঠ ভাৰত'ৰ বাবে এয়া জৰুৰী বুলি তেওঁ কয়।

Your Comments