ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত পাকিস্তান চৰকাৰে হিতাহিত জ্ঞান হেৰুৱাই অস্থিৰ হৈ পৰিছে।দেশখনে ভাৰতৰ সৈতে বেহা-বেপাৰ বন্ধ কৰি দিছে।কিন্তু এই পদক্ষেপ হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰেহে হৈছেগৈ।ভাৰতৰ পৰা বিলাহী আমদানি বন্ধ কৰি দিয়াৰ ফলত এতিয়া পাকিস্তানত বিলাহীৰ মূল্যই সঁচাকৈয়ে আকাশ স্পৰ্শ কৰিছে।দেশখনত বিগত দুদিনমানত বিলাহীৰ মূল্য প্ৰতি কিল'গ্রামত ৩০০ টকা হৈছেগৈ।
পাকিস্তানত এবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিলাহীৰ মূল্য এনেদৰে বৃদ্ধি পোৱাত দেশ খনৰ জনতাই ত্ৰাহি মধুসূদন সুঁৱৰিছে।বিলাহী ক্ৰয় কৰাটো বাদ দিছে দেশখনৰ অধিকাংশ লোকে।
- Log in to post comments
- 143 views