জম্মু-কাশ্মীৰত ভূমিস্খলনত পোত যোৱা লোকৰ প্ৰাণ ৰক্ষা কৰিলে চিআৰপিএফৰ প্ৰশিক্ষিত কুকুৰে:হ'ল সন্মানিত

dog

জম্মু-কাশ্মীৰত ৰামবন জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এটা ভূমিস্খলন সংঘটিত হৈছিল।সেই সময়ত উক্ত এলেকাত আছিল প্ৰশিক্ষিত কুকুৰৰ সৈতে চিআৰপিএফৰ এটা বোমা প্ৰতিৰোধী গোট।গোটটোৰ প্ৰশিক্ষিত কুকুৰটোৱে ভূমিস্খলন হোৱা স্থানৰ এটা অংশলৈ চাই ভুকিবলৈ ধৰে।দৰাচলতে,কুকুৰটোৱে মাটিত পোত খাই থকা এজন লোকৰ বাবে এনেদৰে সংকেত দিছিল।পিছত উক্ত অংশত চিআৰপিৰ জোৱানসকলে খন্দা-কুৰা কৰি এজন লোকক জীৱন্তে উদ্ধাৰ কৰে।


এজন লোকৰ এনেদৰে প্ৰাণ ৰক্ষা কৰাৰ পিছত কুকুৰটো,কুকুৰটোক চোৱা-চিতা কৰা কনিষ্টবল ৰাজেশ কুমাৰ আৰু উদ্ধাৰ অভিযান চলোৱা চিআৰপি গোটৰ কোম্পানী কমাণ্ডাৰ এন এন মূৰ্মুক চিআৰপিএফে ডিজী চক্ৰ আৰু প্ৰমানপত্ৰ দিয়াৰ বিষয়ে ঘোষণা কৰিছে।

Your Comments