সংসদৰ দুয়ো সদনতে গৃহীত তিনি তালাক বিধেয়ক, এতিয়া কেৱল বাকী ৰাষ্ট্ৰপতিৰ অনুমোদনলৈ

talak

নিউজ ডেস্ক :

লোকসভাৰ পাছত মংগলবাৰে ৰাজ্যসভাতো গৃহীত হ'ল তিনি তালাক বিধেয়ক।ৰাজ্যসভাত বিধেয়কখন কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে উথাপন কৰাৰ পাছতে আৰম্ভ হয় বিধেয়ক খনৰ সপক্ষে-বিপক্ষে শক্তিশালী যুক্তি তৰ্ক।তাৰ পাছতে বিধেয়কখনৰ সন্দৰ্ভত ৰাজ্যসভাত ভোটিংৰ ব্যৱস্থা কৰা হয়।সেই ভোটিংত বিধেয়ক খনৰ সপক্ষে পৰে ৯৯টা ভোট আৰু ইয়াৰ বিপৰীতে পৰে ৮৪টা ভোট।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে দুয়ো সদনতে বিধেয়কখন গৃহীত হোৱাৰ পাছত এতিয়া দেশৰ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠোৱা হ'ব। ৰাষ্ট্ৰপতিৰ পৰা বিধেয়কখনে অনুমোদন লাভ কৰাৰ পাছতে ই পৰিণত হ'ব আইনলৈ।

ইফালে এই বিধেয়কখন আইনত পৰিণত হলে তিনি তালাক পদ্ধতিৰে বিবাহ বিচ্ছেদ দিলে দোষীয়ে তিনিবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বেই তিনি তালাক পদ্ধতিক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসাংবিধানিক আখ্যা দি থৈছিল।

ইফালে বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতে অসমৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীক ধন্যবাদ জনোৱাৰ লগতে কয় এই বিধেয়ক আইনত পৰিণত হলে ভুক্তভোগী মুছলমান মহিলা সকলে ন্যায় পাব আৰু লিংগ বৈষম্য লাঘৱ হ'ব।

Your Comments