ওমৰ খালিদৰ ওপৰত আক্ৰমণ কৰাৰ কেইঘণ্টামান পিছতে অন্য এক ঘটনা ঘটিল নতুন দিল্লীত ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী নেত্ৰী শ্বেহলা ৰছিদলৈ মোবাইলৰ জৰিয়তে আহিল হত্যাৰ ভাবুকি ৷
মাফিয়া ডন ৰবি পূজাৰীয়ে হত্যাৰ ভাবুকি দিছে বুলি অভিযোগ উত্থাপন কৰিছে জে এন ইউৰ নেত্ৰীগৰাকীয়ে ৷ শ্বেহলালৈ প্ৰেৰণ কৰা এছ এম এছটোৰ জৰিয়তে ৰবি পূজাৰীয়ে ওমৰ খালিদ আৰু জিগ্নেছ মেৰানীকো সাৱধান কৰি দিছে ৷
শ্বেহলালৈ অহা এছ এম এছটোৰ বক্তব্য আছিল- ‘মুখ বন্ধ কৰা, নহ’লে চিৰজীৱনৰ কাৰণে আপোনাৰ মুখ বন্ধ কৰি দিয়া হ’ব ৷' উল্লেখ্য যে জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদক নতুন দিল্লীৰ সংসদ ভৱনৰ ওচৰত সন্দেহযুক্ত ব্যক্তিয়ে আক্ৰমণ কৰাৰ পিছত শ্বেহলা ৰছিদে প্ৰধান মন্ত্ৰীক উদ্দেশ্য কৰি কঠোৰ মন্তব্য প্ৰকাশ কৰিছিল ৷
শ্বেহলাই ভাবুকিৰ প্ৰসংগত কয়, ‘দক্ষিণপন্থী মৌলবাদী হিন্দুত্ববাদীসকলে এনে কাম কৰি আমাৰ মুখ বন্ধ কৰাৰ হুংকাৰ দিছে ৷ ওমৰ খালিদ আৰু জিগ্নেছৰ লগতে আমিও মুখ বন্ধ কৰি ৰাখিব লাগে বুলি ভাবুকি দিছে ৷’
- Log in to post comments
- 14 views