নিউজ ডেস্ক:
আজি বিশ্ব ব্যাঘ্ৰ দিৱস।ব্যাঘ্ৰ দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে বাঘৰ জৰীপৰ প্ৰতিবেদন।সেই অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক বাঘ থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ।ৰাজ্যখনত বৰ্তমান মুঠ বাঘৰ সংখ্যা ৫২৬টা। ৫২৪টা বাঘেৰে কৰ্ণাটক দ্বিতীয় স্থানত আছে।৪৪২টা বাঘেৰে তালিকাৰ তৃতীয় স্থানত আছে উত্তৰাখণ্ড।
বাঘৰ জৰীপৰ প্ৰতিবেদন ৰাজহুৱা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় -'বাঘৰ বাবে পৃথিৱীৰ সৰ্বাটোকৈ সুৰক্ষিত দেশ হৈছে ভাৰতবর্ষ।প্ৰতি বছৰে ভাৰতবর্ষত বৃদ্ধি পাইছে বাঘৰ সংখ্যা।বৰ্তমান সমগ্ৰ ভাৰতবর্ষত ৩০০০টাৰ ওচৰা-ওচৰি বাঘ আছে।'
প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়-'৯ বছৰ পূৰ্বে চেণ্ট পিটাৰ্ছবাৰ্গত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যে ২০২২ চনলৈকে বাঘৰ সংখ্যা দুগুণ কৰা হ'ব।কিন্তু আমি ৪ বছৰ পূৰ্বেই উক্ত লক্ষ্য আহৰণ কৰিলোঁ।'
২০০৮ চনত ভাৰতত বাঘৰ সংখ্যা আছিল ১,৪১১ টা।২০১০ চনত বৃদ্ধি পাই হৈছিল ১,৭০৬ টা।২০১৪ চনত ২,২২৬ টা বাঘ ভাৰতত আছিল।২০১৮ চনত বাঘৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২,৯৬৭টা।'প্ৰজেক্ট টাইগাৰ' আঁচনিৰ সফল ৰূপায়ণৰ প্ৰমাণ ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি।
- Log in to post comments
- 14 views