পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আমেৰিকা ভ্ৰমণত স্বীকাৰ কৰিলে যে পাকিস্তানত বহুসংখ্যক সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।পাকিস্তানত বৰ্তমানত ৪০,০০০ সন্ত্ৰাসবাদীয়ে কূটাঘাতমূলক কাম-কাজ চলাই আছে বুলি স্বীকাৰ কৰে খানে।পাকিস্তানত এনেদৰে বৃহৎসংখ্যক সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকাৰ বাবে তেওঁ দেশখনৰ পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে।
ইয়াৰ পূৰ্বে ইমৰান খানে স্বীকাৰ কৰিছিল যে পাকিস্তানত বিগত চৰকাৰসমূহৰ সময়ত ৪০ টা সন্ত্ৰাসবাদী সংগঠনে কাম কৰি আছিল,যি কথা আমেৰিকাৰ পৰা লুকুৱাই থোৱা হৈছিল।এতিয়া,আন্ত:ৰাষ্ট্ৰীয় হেঁচাত পৰি ইমৰানে দিয়া স্বীকাৰোক্তিয়ে পাকিস্তানে যে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰ,সেই কথা পুনৰ প্ৰমাণ কৰিলে।
- Log in to post comments
- 26 views