চীনক ভাৰতীয় টকা ছপাৰ দায়িত্ব

চীনক ভাৰতীয় টকা ছপাৰ দায়িত্ব

ভাৰতৰ টকা ছপাৰ দায়িত্ব চীনৰ হাতত ! চীনে ভাৰতৰ লগতে বাংলাদেশ ,নেপাল, ব্ৰাজিলৰ টকা ছপা কৰাৰ ঠিকা লাভ কৰিছে। চাইনা বেংক নোট প্ৰিণ্টিং এণ্ড মিণ্টিং কৰ্প'ৰেচনৰ অধ্যক্ষ লিউ গুইছেঙে প্ৰকাশ কৰিছে ভাৰতকে ধৰি একাংশ দেশৰ নোট ছপা কৰাৰ ঠিকা লাভ কৰাৰ কথা। ছাউথ চাইনা মৰ্নিং প'ষ্টৰ মতে চীনে আৰু বহু দেশৰ নোট ছপা কৰাৰ ঠিকা লাভ কৰিছে।

চীনক ভাৰতীয় টকা ছপাৰ দায়িত্ব

চীনে বিশ্বৰ অৰ্থনীতি নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনাৰে এই ব্যৱস্থা আৰম্ভ কৰিছে। এছিয়া,ইউৰোপ, আফ্ৰিকালৈকে সামৰি ৬০ খন ৰাষ্ট্ৰত কৰিবলৈ  লোৱা অৰ্থনৈতিক কৰিডৰৰ বাবে অন্য দেশৰ নোট ছপা কৰাৰ ঠিকা লবলৈ আৰম্ভ কৰিছে। চীনত অনলাইন লেনদেন বৃদ্ধি পোৱাত ৰাষ্ট্ৰখনে বৃহৎ ছপাশালক এনে দৰে ব্যৱহাৰ কৰিবলৈ  লৈছে।


চীনৰ স্বাৰ্থত চীনে গুৰুত্ব দিব। কিন্তু ভাৰতৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ বিষয় এটাৰ দায়িত্ব চীনৰ হাতত কিয় দিয়া হৈছে, সেইটোহে ডাঙৰ বিষয়। চীন বৰ্তমান ভাৰতৰ বিশ্বাসযোগ্য প্ৰতিবেশী ৰাষ্ট্ৰ নহয়।এই বিষয়টোক লৈ বিভিন্ন পক্ষ‌ই কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে।

Your Comments