দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জে এন ইউৰ ছাত্ৰ নেতা ওমৰ খালিদলৈ দুৰ্বৃত্তৰ গুলীবৰ্ষণ৷ দিল্লীৰ সংসদ ভৱনৰ সমীপতে কোনো দুৰ্বৃত্তই ছাত্ৰ নেতাজনলৈ গুলীবৰ্ষণ কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ওমৰ খালিদৰ৷ তাৎক্ষণিকভাৱে সংসদ ভৱনৰ সন্মুখত কটকটীয়া নিৰাপত্তাৰ বেহু ৰচনা কৰা হয় যদিও দুৰ্বৃত্তক ধৰিব পৰা নাই দিল্লী আৰক্ষীয়ে৷
নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ এটা অনুষ্ঠানলৈ আহিছিল ওমৰ খালিদ৷ ক্লাবৰ বাহিৰৰ পৰা কোনো অচিনাকি লোকে গুলী চলায় ওমৰলৈ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাজনক নতুন দিল্লীৰ অতি গুৰুত্বপূৰ্ণ অঞ্চলত মুকলিকৈ গুলীওৱাৰ ঘটনাই ৰাজনৈতিক মহলত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷
উল্লেখ্য যে জৱাহৰলাল নেহৰু বিশ্বদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে দেশবিৰোধী অপৰাধত ওমৰ খলিদক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল৷ ওমৰৰ লগতে কানহাইয়া কুমাৰৰ ওপৰত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছিল৷ সংসদ ভৱনত আক্ৰমণ কৰা আফজল গুৰুৰ ফাঁচিৰ প্ৰসংগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এচাম ছাত্ৰই বিতৰ্কৰ সৃষ্টি কৰিছিল৷ ২০১৬ৰ সেই ঘটনাক লৈ ওমৰ আৰু কানহাইয়াক লৈ ৰাজনৈতিক মহলত এক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল৷ গুজৰাট নিৰ্বাচনত কানহায়া কুমাৰৰ লগতে ওমৰ খালিদেও বিজেপিবিৰোধী অৱস্থান গ্ৰহণ কৰিছিল৷
- Log in to post comments
- 15 views