কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

২০১৪ৰ লোকসভা নিৰ্বাচনৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিটো আছিল- প্ৰতি বছৰে ২ কোটি যুৱক-যুৱতীক সংস্থাপন দিয়া হ’ব ৷

চাৰিটা বছৰ অতিক্ৰম কৰিলে ৷ মোডী চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে ৷ বিৰোধীৰ বাবে ইচ্ছ্যু হৈ পৰিছে প্ৰধান মন্ত্ৰীৰ সেই অসাৰ প্ৰতিশ্ৰুতি ৷

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

প্ৰধান মন্ত্ৰীগৰাকীৰো সমস্যা হৈছে, কিমানক চাকৰি দিয়া হ’ল সেই সংখ্যা তেখেতে ক’ব নোৱাৰে ৷ গতিকে প্ৰধান মন্ত্ৰীয়ে এক নতুন মন্তব্য প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে- ‘চাকৰি বেলেগ বিষয়, প্ৰয়োজন সংস্থাপন ৷

সেই সংস্থাপনৰ পথ বিজেপি চৰকাৰে মুকলি কৰিছে ৷’  ২০১৯ত ‘দেশত চাকৰিৰ হাহাকাৰ, নিযুক্তৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে মোডীয়ে’  ৰাজনৈতিক শ্লোগান হ’ব ৷

প্ৰধান মন্ত্ৰীগৰাকীয়ে সাম্ভাৱ্য পৰিস্থিতি উপলব্ধি কৰি নতুন শ্লোগানৰ ব্যৱস্থা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰীয়ে দেশত চাকৰি নাই বুলি কৈছে যদিও নৰেন্দ্ৰ মোডী ইয়াৰ বিপৰীত স্থিতিত অটল ৷

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

৩ মাহৰ অন্তৰে অন্তৰে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰণালয়ে প্ৰকাশ কৰা নিয়োগ সম্পৰ্কীয় হিচাপ ইতিমধ্যেই মোডী চৰকাৰে প্ৰকাশ কৰাটো বাৰণ কৰিছে ৷

পকৰি ভাজি বিক্ৰী কৰাকো কৰ্মসংস্থাপন দিয়া বুলি ঘোষণা কৰা প্ৰধান মন্ত্ৰীগৰাকীৰ যুক্তি হ’ল, দেশত অৰ্থনৈতিক দিশটো ক্ৰমে বৃদ্ধি হৈছে, গতিকে চাকৰিৰ বজাৰখন নিশ্চয় বৃদ্ধি হৈছে ৷

বাট-পথত বাছ, ট্ৰাক, টেক্সী বৃদ্ধি পাইছে, গতিকে কৰ্মসংস্থাপনৰ পথ মুকলি হৈছে ৷ মোডীৰ যুক্তিক উভিত ধৰি কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয়- ‘প্ৰধান মন্ত্ৰীগৰাকীৰ এই দাবী হাস্যকৰ ৷

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

কৃষি ক্ষেত্ৰত চৰকাৰৰ ভুল নীতিৰ বাবে কৰ্মসংস্থাপন হ্ৰাস পাইছে ৷ সেইসকলে সংস্থাপনৰ বাবে নতুন পথ লৈছে ৷’  বিৰোধীৰ অভিযোগ- প্ৰধান মন্ত্ৰীগৰাকীয়ে চাকৰিৰ ক্ষেত্ৰত দিয়া তথ্যৰ লগত শ্ৰম মন্ত্ৰণালয়ৰ তথ্যৰ মিল নথকা বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় তথ্য প্ৰকাশ কৰাটো বন্ধ কৰি দিছে প্ৰধান মন্ত্ৰীয়ে ৷

প্ৰধান মন্ত্ৰীৰ যুক্তি- দেশত বিনিয়োগ বৃদ্ধি হৈছে, উদ্যোগ হৈছে ৷ গতিকে চাকৰি নহ’ব নেকি ? প্ৰধান মন্ত্ৰীৰ যুক্তিক খণ্ডন কৰি অৰ্থনীতিবিদসকলৰ মন্তব্য হ’ল, বিদেশী বিনিয়োগকাৰীসকলে বহুজাতিক গোষ্ঠীৰ প্ৰতিষ্ঠানত অংশ বৃদ্ধি কৰিছে, উদ্যোগ গঢ়ি তোলা নাই ৷ সংস্থাপন ক’ত হ’ব ?

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত


প্ৰধান মন্ত্ৰীৰ যুক্তি হ’ল ২০১৪ত দেশত মোবাইল প্ৰস্তুত কৰা ২টা উদ্যোগ আছিল, এতিয়া ১২০টা হৈছে ৷ এই উদ্যোগত চাকৰি পোৱা নাই নেকি ? ১৫ হাজাৰ নতুন সংস্থাক চৰকাৰে সাহাস্য প্ৰদান কৰিছে, তাত চাকৰি পোৱা নাই নেকি?

১২ কোটি মুদ্ৰা ঋণ দিয় হৈছে ৷ তাত সংস্থাপন এজনেও পোৱা নাই নেকি ? প্ৰভিডেণ্ট ফাণ্ডত পুঁজি বুদ্ধি হৈছে ৷ গতিকে সংস্থাপন হোৱা নাই বুলি কোৱাটো যুক্তিসংগত নহয় ৷

কংগ্ৰেছৰ অভিযোগ- প্ৰভিডেণ্ট ফাণ্ডৰ হিচাপত নতুন নাম উঠিল মানে নতুন চাকৰি নহয় ৷ অসংগঠিত খণ্ডত থকাসকলেও প্ৰভিডেণ্ট ফাণ্ডৰ আওতালৈ আহিবলগা হোৱা বাবেহে সংখ্যা বৃদ্ধি হৈছে ৷

কিমানক নিযুক্তি ? তথ্য নাই কেন্দ্ৰৰ হাতত

'চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন'মী'ৰ প্ৰতিবেদন মতে, মোডীৰ নোট বাতিল কাৰ্যসূচীৰ বাবে ১.২৬ কোটি লোকে চাকৰি হেৰুৱাইছে ৷ আন্তৰ্জাতিক শ্ৰম সংগঠনৰ প্ৰতিবেদনমতে দেশৰ ৭৭ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ চাকৰি অনিশ্চিত অৱস্থাত আছে ৷

নিটি অয়োগৰ প্ৰতিবেদন মতেও ভাৰতত শিক্ষাগত অৰ্হতা অনুসৰি চাকৰি পোৱা নাই ৷ কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দৃঢ়–  দেশত প্ৰতিশ্ৰুতিমতে সংস্থাপন দিয়া হৈছে ৷
 

Your Comments