৫০% পদ মহিলাৰ বাবে সংৰক্ষিত হ'ব ৰে'ল সুৰক্ষা বাহিনীত

৫০% পদ মহিলাৰ বাবে সংৰক্ষিত হ'ব ৰে'ল সুৰক্ষা বাহিনীত

দেশৰ মহিলা নিবনুৱাসকলৰ বাবে সুখবৰ ! ৰে'ল সুৰক্ষা বাহিনীৰ ৫০% পদ সংৰক্ষিত হ'ব মহিলাৰ বাবে । এই ঘোষণা কেন্দ্ৰীয় ৰে'ল দপ্তৰৰ মন্ত্ৰী পীয়ূষ গোৱেলৰ । ৰে'ল সুৰক্ষা বাহিনীত ১০ হাজাৰ জোৱান নিযুক্তিৰ যো-জা চলাইছে কেন্দ্ৰীয় চৰকাৰে ।

৫০% পদ মহিলাৰ বাবে সংৰক্ষিত হ'ব ৰে'ল সুৰক্ষা বাহিনীত

বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তাৰে ৫০% পদেই সংৰক্ষিত হ'ব মহিলাৰ বাবে । পাটনাত এটা অনুষ্ঠানত অংশ লৈ গোৱেলে আৰু কয় যে বিভাগটোত আন ১৩ হাজাৰ পদতো শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । প্ৰক্ৰিয়াটো পিছে ৰে'ল বিভাগে পৰিচালনা নকৰে,কোনো ধৰণৰ সাক্ষাৎকাৰো ব্যৱস্থা নাথাকিব । মন্ত্ৰী গোৱেলে জনোৱা মতে কম্পিউটাৰৰ ভিত্তিত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ আধাৰতহে নিযুক্তি দিয়া হ'ব ১৩ হাজাৰ পদত ।

Your Comments