১৫ বছৰৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে মহাতাৰকা অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছে অভিনেতা ইমৰান হাছমীয়ে।'চেহৰে' নামৰ শ্বুটিং চলি থকা ছবিখনত দুয়ো একেলগে অভিনয় কৰিছে।
ছবিখনত অমিতাভ বচ্চনে এজন অৱসৰপ্ৰাপ্ত অধিবক্তা আৰু ইমৰান হাছমীয়ে এজন ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিছে।ছবিখনৰ পৰিচালনা কৰিছে ৰুমী জাফ্ৰীয়ে। ২০২০ চনৰ ২১ ফেব্ৰুৱাৰীত ছবিখনে মুক্তি পোৱাৰ কথা।
- Log in to post comments
- 5 views