আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰস্তুতি চলাই থকাৰ লগে লগে নিৰ্বাচন আয়োগেও প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ২৭ আগষ্টত নিৰ্বাচন আয়োগে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে ।
বৈঠকলৈ ৭টা ৰাষ্ট্ৰীয় দল আৰু ৫১টা আঞ্চলিক দলৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে । সমগ্র দেশতে ই ভি এমক লৈ এক সংশয় আৰু বিতৰ্ক সৃষ্টি হৈ থকা বিষয়টোৱে আলোচনাত প্ৰাধান্য পাব ।
ৰাজনৈতিক সূত্ৰৰ মতে, মোডী চৰকাৰে নিৰ্বাচন আগুৱাই অনাটো বিচাৰে । মূলতঃ এই প্ৰসংগত আলোচনা কৰাৰ বাবে নিৰ্বাচন আয়োগে বৈঠকখনৰ আয়োজন কৰিছে । লক্ষণীয়ভাৱে ৭টা ৰাজনৈতিক দলে ইতিমধ্যে আয়োগক লগ ধৰি আগন্তুক লোকসভা নিৰ্বাচন বেলট কাকতৰ জৰিয়তে অনুষ্ঠিত কৰাৰ দাবী জনাইছে ।
- Log in to post comments
- 13 views