আজি বিশ্ব বাইচাইকেল দিৱস।দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ বাইচাইকেল চলাই কাৰ্যালয়লৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেটৰ মন্ত্ৰী ডা:হর্ষ বৰ্ধন। মোডীৰ কেবিনেটৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা মন্ত্ৰীগৰাকীয়ে চাইকেল চলোৱাটো তেওঁৰ প্রিয় বুলি উল্লেখ কৰে।লগতে কয় যে চাইকেল চলালে স্বাস্থ্যও ভালে ৰাখিব পৰা যায়।
ইফালে,কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মন্ত্ৰী ডা:হর্ষ বৰ্ধনে টুইটাৰৰ জড়িয়তে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোডীক।তেওঁ কয়-'আজি মই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ।মোডী ডাঙৰীয়া, মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ জনাইছোঁ।'
- Log in to post comments
- 12 views