অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অভিলাষী আঁচনি সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিৰ অধীনত বিশ্বনাথ জিলাৰ সাংবাদিক ভূচিত্ৰ দাধৰাক আজি ১ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰা হয় । উপায়ুক্তৰ কাৰ্যালয় কক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিশ্বনাথৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সাংবাদিকগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে এই সাহায্যৰ চেকখন তুলি দিয়ে ।
নিজৰ বক্তব্যত উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰাৰ লগতে এই আঁচনিসমূহৰ সুযোগ গ্ৰহণ কৰি নিজা নিজা কৰ্মক্ষেত্ৰত দুগুণ উৎসাহেৰে আত্মনিয়োগ কৰিবলৈ বিশ্বনাথ জিলাৰ সাংবাদিকসকললৈ আহ্বান জনায় । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত আবুল কালাম আৰু বিশ্বনাথ জিলাৰ দায়িত্বত থকা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ লগতে স্থানীয় বহুকেইগৰাকী সাংবাদিকো উপস্থিত থাকে ।
উল্লেখযোগ্য যে ৰাজ্যখনৰ সংবাদকৰ্মীসকলৰ সৰ্বাংগীণ কল্যাণৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিগত দিনবোৰত বহুতো অভিলাষী আঁচনি গ্ৰহণ কৰিছে । সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি ক্ষেত্ৰসমূহৰ দৰে অৱসৰপ্ৰাপ্ত সাংবাদিকৰ বাবেও পেঞ্চন প্ৰদানৰ আঁচনি প্ৰৱৰ্তন কৰা হৈছে । সাংবাদিকতাৰ ক্ষেত্ৰখনৰ গুণগত মানৰ উৎকৰ্ষ সাধনৰ বাবে অধ্যয়ন আৰু গৱেষণাৰ প্ৰতি আগ্ৰহী সাংবাদিকলৈ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ।
বৌদ্ধিক আৰু কাৰিকৰী অভিজ্ঞতাৰ বিনিময়ৰ সুবিধাৰ্থে মফচলীয় সাংবাদিকসকলক সম্পূৰ্ণ চৰকাৰী খৰচত বহিঃৰাজ্য ভ্ৰমণলৈ নিয়া হৈছে । বিভিন্ন দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বলি হৈ প্ৰাণ হেৰুওৱা অথবা নিখোজ হৈ থকা বহুকেইগৰাকী সাংবাদিকৰ নিকট আত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন অনুদান প্ৰদান কৰা হৈছে ।
কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা সাংবাদিকসকলৰ পৰিয়ালবৰ্গক আৰ্থিক সকাহ দিয়াৰ বাবে সাংবাদিকৰ পৰিয়াল কল্যাণ পুঁজি গঠন কৰা হৈছে । ৰাজ্যৰ সংবাদক্ষেত্ৰৰ পথিকৃৎ সাংবাদিকসকলৰ জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে গণৰাজ্য দিৱস সাংবাদিকতা বঁটা প্ৰৱৰ্তন কৰা হৈছে । সংবাদকৰ্মীসকল অথবা তেওঁলোকৰ পৰিয়ালক চিকিৎসাজনিত ব্যয়ৰ পৰা সকাহ দিয়াৰ বাবে সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিও গঠন কৰা হৈছে ।
স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক সামৰি লোৱাকৈ তেওঁলোকৰ বাবে এখন বীমা আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়াও চলি আছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ তৎপৰতা তথা তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা প্ৰমুখ্যে বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সক্ৰিয় আৰু নিস্বাৰ্থ প্ৰচেষ্টাত সাংবাদিক কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম শীৰ্ষস্থানীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে ।
- Log in to post comments
- 7 views