চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি ধোদৰ আলি অৱৰোধ কৰে ৷ উল্লেখ্য যে নাবালিকা অপহৰণৰ এক ভুৱা গোচৰত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ নেত্ৰী ৰুমী ফুকনক আৰক্ষী বিষ য়াবাৰিকে চক্ৰান্ত মূলকভাৱে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷
ইয়াৰ প্ৰতিবাদত আজি সাপেখাতী চাৰিআলিত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাই ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰে । উল্লেখ্য যে ৰুমী ফুকনে এগৰাকী মূকবধিৰ কিশোৰী ধৰ্ষণকাৰীৰ লগত আৰক্ষী বিষয়া বাৰিকে মধুৰ সম্পৰ্ক ৰক্ষা কৰি উৎকোচ লৈ অপৰাধীক ৰক্ষণাবেক্ষণ দি গেপ্তাৰ কৰা পৰা বিৰত থকা বুলি প্ৰকাশ কৰিছিল ৷
এই বিষয়ে তেওঁ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ আগত সাহসেৰে মন্তব্য কৰাত আৰক্ষী বিষয়াগৰাকীয়ে গভীৰ ষড়যন্ত্ৰমূলকভাৱে কিশোৰী অপহৰণৰ দৰে ভুৱা গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰাত সংগঠনসমূহ জাঙুৰ খাই উঠিছে । সাপেখাতী অঞ্চলত সামাজিক বাতাৱৰণ বিনষ্ট হোৱাৰ লগতে আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰি আৰক্ষী বিষয়াগৰাকী ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰাইদেউ জিলা উপায়ুক্তক সংগঠনকেইটাই এখন স্মাৰক-পত্ৰও প্ৰদান কৰে ।
- Log in to post comments
- 14 views