ৰূপনগৰত গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপন

ৰূপনগৰত গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপন

দেওবাৰে অখিল ভাৰত ৰচনাত্মক সমাজ (অসম প্ৰদেশ)ৰ উদ্যোগত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৮সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয় ৷ এই উপলক্ষে গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনত সুকুমাৰ বৰদলৈৰ সভাপতিত্বত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ সভাত কেইবাগৰাকীও বিশিষ্ট বক্তাৰ উপৰি নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰে ডঃ সঞ্জীৱ কাকতিয়ে ৷

গোপীনাথ বৰদলৈৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে ডঃ কাকতিয়ে বৰ্ণিল ব্যাখ্যা আগবঢ়ায় ৷ ভাষণ প্ৰসংগত ডঃ কাকতিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে নৱপ্ৰজন্মই গোপীনাথ বৰদলৈৰ নামটো কিমানে জানে সেইটো আজিৰ তাৰিখত এটা লাখটকীয়া প্ৰশ্ন ৷ আনহাতে, কেৱল নামটো জানিলেই নহ'ব, বৰদলৈৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে জনাটোও অতিকে প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ৷ এই বিষয়ত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে বুলি মত প্ৰকাশ কৰি পাঠ্যক্ৰমত গোপীনাথ বৰদলৈৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে অন্তৰ্ভুক্ত কৰিব লাগে বুলিও কয় ৷

ৰূপনগৰত গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপন

অনুষ্ঠানটিত উদ্যোক্তা দীপামণি ডেকা, ডেনিয়েল বৰা, বসন্ত কুমাৰ নেওগ, অনিল শৰ্মা আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ ডঃ কাকতিয়ে উদ্দাত্ত কণ্ঠেৰে কয়, গোপীনাথ বৰদলৈ নথকাহেঁতেন আজি অসম বুলি ক'বলৈ অসম নাথাকিলহেঁতেন, অসমীয়াৰ গামোচাৰ অস্তিত্ব নাথাকিলহেঁতেন, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অস্তিত্ব নাথাকিলহেঁতেন ৷

Your Comments