ৰাজ্য চৰকাৰৰ বিয়াগোম শক্তি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীন কৰ্মৰ নমুনাই জনসাধাৰণলৈ বিপদ মাতিছে ৷ গ্ৰীষ্মৰ দিনকেইটাত প্ৰতিদিনে ৫-৬ ঘণ্টাকৈও অধিক ৰাইজক বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে জধেমধে ভুৱা বিল প্ৰস্তুত কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি চলাই আহিছে ৷ কিছুদিন পূৰ্বে অত্যধিক হাৰত ভুৱা বিল প্ৰস্তুত কৰি লক্ষ লক্ষ টকা লুণ্ঠন কৰা চৰাইবাৰী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়াজন নিলম্বিত হ’বলগা হৈছিল ৷
এই ঘটনাৰ সম্প্ৰতি ব্যাপক চৰ্চাৰ সময়তে চৰাইবাৰী উপ-সংমণ্ডলৰ বাৰপূজীয়া বিতৰণ কেন্দ্ৰৰ অধীনৰ তথা নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীকাঁহৰ সমীপৰ উলুবাৰীত পথৰ কাষতে এক উন্মুক্ত অৱস্থাত থকা উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰে ভয়ংকৰ বিপদৰ আশংকা কঢ়িয়াইছে ৷ ৰাজ্যত সঘনে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক তথা পশুধন মৃত্যুমুখত পৰাৰ ঘটনাৰ পৰা যেন অলপো শিক্ষা লোৱা নাই ৰাজ্যৰ বিদ্যুৎ বিভাগে ৷ বেবেজীয়া-জামুগুৰি-নমাটি-কুঁৱাপাৰ সংযোগী পথছোৱাৰ উলুবাৰী গাঁৱত পথৰ কাষতে থকা ট্ৰেন্সফৰ্মাৰটোৰ পৰা কণ কণ ল’ৰা-ছোৱালীকে ধৰি পথচাৰীলৈ বিপদ নামি আহিব পাৰে ৷
স্থানীয় ৰাইজে বহুবাৰ বিদ্যুৎ বিভাগক অভিযোগ দিয়া সত্ত্বেও আজি পৰ্যন্ত চৰাইবাহী উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে ট্ৰেন্সফৰ্মাটোৰ চৌপাশে বেৰ দিবলৈ সক্ষম নহ’ ল৷ ঘটনা সংঘটিত হোৱাৰ পাছতহে সাৰ পোৱা অকৰ্মণ্য বিদ্যুৎ বিভাগক ৰাইজে শীঘ্ৰে ট্ৰেন্সফৰ্মাৰটোত ফেন্সিঙৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে ৷
- Log in to post comments
- 10 views