জাতিৰ পিতা মহাত্মা গান্ধীৰ বিদেশী বস্ত্ৰ বৰ্জনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ পৰা দেশজুৰি ৭ আগষ্টত উদ্যাপন কৰি অহা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে দৰং জিলাতো উদ্যাপন কৰা হয় । দৰং জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদোগত উদ্যাপন কৰা চতুৰ্থ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ এখন সভাত উপস্থিত থাকি দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ শিপিনীসকলক নিজৰ ভৰিত থিয় দি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় ।
জিলাখনৰ মহিলাসকল ত্যাগী আৰু কষ্ট কৰিবপৰা বুলিও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে । জিলাখনৰ শিপিনীসকল সংঘবদ্ধ হৈ সমূহীয়া পদ্ধতিত কাপোৰ বোৱাৰ এক সংগ্ৰাম আৰম্ভ কৰিবলৈকো অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আহবান জনায় । হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীয়ে চলিত বৰ্ষত জিলাখনৰ শিপিনীসকলে উৎপাদন কৰা থলুৱা গামোচা বিক্ৰী কৰি মাত্ৰ ৫ দিনত ৫ লাখ টকা উপাৰ্জন কৰা বুলি সদৰী কৰে ৷
লগতে অহাবৰ্ষত ৫ হাজাৰ গামোচা উৎপাদন কৰি ৫০ লাখ টকা উপাৰ্জন কৰাৰ বাবে তৎপৰতা চলোৱা বুলি ব্যক্ত কৰি শিপিনীসকলৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে পংকজ চক্ৰৱৰ্তীয়ে ।
জিলা হস্তঁতাত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক বিপুল কলিতাই আঁতধৰা সভাখনত জিলা উন্নয়ন আয়ুক্ত চুইটি গগৈ কলিতা, দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, সাধাৰণ সম্পাদিকা শেৱালি গোস্বামী কলিতা, সম্পাদক মুকুন্দ ডেকা, বন্ধন বেংকৰ পৰিচালক দীপ্তি দাস, জিলাখনৰ অগ্ৰণী বেংক বিষয়া উপস্থিত থকা সভাখনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী হেমপ্ৰভা কলিতা, সোমেশ্বৰী বড়ো, বিনীতা ডেকা, স্বৰ্ণা দেৱী, মালতী দেৱী ডেকা, মামণি ডেকা, চুফিয়া খাতুন, চিনু ডেকা, কল্পনা নাথ, শকুন্তলা দাস, নিৰ্মলা দাস, লাবণ্য দাসক হস্তঁতাত বস্ত্ৰ বিভাগৰ পৰা প্ৰশংসা-প্ৰত্ৰ বিতৰণ কৰে ।
- Log in to post comments
- 6 views