শেহতীয়াভাৱে প্ৰকাশিত এন আৰ চিৰ দ্বিতীয় খচৰাত বাক্সা জিলাৰ ৭০ শতাংশ খিলঞ্জীয়া লোকৰ নাম বাদ পৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুব-ছাত্র পৰিষদ আৰু বাক্সা জিলা গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে । সেয়েহে সকলো বিসংগতি দূৰ কৰি শীঘ্ৰে এই খিলঞ্জীয়া পৰিয়ালসমূহৰ নাম এন আৰ চিৰ তালিকাত অন্তভুৰ্ক্ত কৰিবলৈ সংগঠনটোৱে মুখ্য মন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
এই সম্পৰ্কে সংগঠনটোৱে জানিবলৈ দিয়ে যে সদ্য প্ৰকাশিত এন আৰ চিৰ দ্বিতীয় খচৰাত জিলাখনৰ মুঠ ৭০ শতাংশ খিলঞ্জীয়া পৰিয়ালৰ লোকৰ নাম বাদ পৰিছে । বিশেষকৈ বাক্সা জিলাৰ বৰকাজুলি, কুমাৰীকাটা, গড়ভিতৰ, কাউৰবাহা, ধূলাবড়ি, গোৰেশ্বৰ, ভেৰভেৰি অদি অঞ্চলসমুহৰ বহু পৰিয়ালৰ নাম এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰিছে । উক্ত পৰিয়ালসমূহ এশ শতাংশ গৰিয়া-মৰিয়া জনগোষ্ঠীৰ খিলঞ্জীয়া পৰিয়াল বুলি উল্লেখ কৰি কয় যে ইয়াতে জন্মগ্ৰহণ কৰি, ইয়াৰে বায়ু-পানী সেৱন কৰি, ইয়াতে ডঙৰ-দীঘল হোৱা পৰিয়ালসমূহৰ ১৯৫১ চনৰ নথি-পত্ৰ থকাৰ পিছতো এন আৰ চিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবে এন আৰ চিৰ পৰা দুৰ্ভাগ্যজনকভাৱে নাম বাদ পৰিছে ।
ইয়াৰ বিপৰীতে বহু বিদেশী লোকৰ নাম এন আৰ চিৰ খচৰাত সন্নিৱিষ্ট হৈছে । উল্লেখ্য যে নাথ, যোগী, কলিতা, কোচ, কেওত, কৈৱৰ্ত, মালী, মৰণ, মটক, আহোম, ৰাভা, মিচিং আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ সংমিশ্ৰণৰ ফলত উদ্ভৱ হোৱা জনগোষ্ঠী হ'ল গৰিয়া-মৰিয়া । পূৰ্বপুৰুষসকলৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন, ভাষা আন্দোলন, স্বাধীনতা আন্দোলন, অসম আন্দোলনকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আছে । ইমানৰ পিছতো যদি এই লোকসকল উপেক্ষিত হয় অথবা বিদেশী বুলি হাৰাশাস্তিৰ সন্মুখীন হয়, ইয়াতকৈ আৰু দুখলগা বিষয় একো হ'ব নোৱাৰে বুলি তেওঁলোকে উল্লেখ কৰে ।
- Log in to post comments
- 61 views