'আপ'ৰ সমৰ্থকেই চৰ মাৰিলে কেজৰিৱালক !

kejriwal

নিউজ ডেস্ক:

নতুন দিল্লী লোকসভা সমষ্টিৰ মতিনগৰ বিধানসভা সমষ্টিত ৰোড শ্ব'ৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক শনিবাৰে চৰ মাৰিছিল এজন ব্যক্তিয়ে।সুৰেশ নামৰ ব্যক্তিজনে আৰক্ষীৰ সোধপোছত নিজকে আম আদমী পাৰ্টীৰ সমৰ্থক বুলি উল্লেখ কৰিছে। 


অৱশ্যে সুৰেশৰ পত্নীয়ে এই কথা অস্বীকাৰ কৰি কৈছে যে তেওঁৰ স্বামীৰ ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক নাই।পত্নীয়ে অৱশ্যে সুৰেশ কেজৰিৱালৰ প্ৰতি অসন্তুষ্ট আছিল বুলি কয়।

Your Comments