নিউজ ডেস্ক :
জামিন বিচাৰি আদালতত পুনৰ মুখথেকেচা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ। ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিআইডিৰ ২৭/১৮ গোচৰত কাৰাৰুদ্ধ হৈ থকা ৰাকেশ পালে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।কিন্তু ন্যায়ালয়ে আজি সেই জামিন আবেদন নাকচ কৰিলে।ফলত এতিয়াও কাৰাগাৰতে থাকিব লাগিব পাল।
- Log in to post comments
- 4 views