দুৰ্নীতি লুকুৱাবলৈ মিথ্যাচাৰিতাৰ আশ্ৰয় লৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগে-অসমীয়া যুৱ মঞ্চ

jubamancha

নাং কৃষ্টিপ্রিয়া গগৈ

দুৰ্নীতি গাপ দিবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৰিহণ দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে।অসমীয়া যুৱ মঞ্চই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি উদঙাই সংবাদমেল দিয়াৰ পিছতে তাৰ প্ৰত্যুত্তৰ দি শুকুৰবাৰে বিভাগটোৰ সচিব সিদ্ধাৰ্থ সিঙে সংবাদমেলযোগে মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি অভিযোগ কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই। 
     

তেওঁ লগতে কয় যে বিভাগটোৱে ২০১৬ চনৰ পৰা পাইপ ক্ৰয় কৰা নাই বুলি যি তথ্য দিছে,সেয়া সম্পূৰ্ণ মিছা কথা।  
        

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰামাঞ্চলত পানী যোগানৰ বাবে সাংসদ আদৰ্শ গ্ৰাম যোজনা (এছএজিৱাই)আৰম্ভ কৰিছিল।এই আঁচনিৰ অধীনত বিটিএডিত পানী যোগানৰ বাবে কোটি টকাৰ সা-সামগ্ৰী,পাইপ ক্ৰয় কৰা হৈছিল।এনএ এণ্টাৰপ্ৰাইজ নামৰ ফাৰ্মখনে বিভাগটোত পাইপ যোগান ধৰিছিল।কিন্তু সেই পাইপসমূহ অতি নিম্নমানৰ  আছিল। 
     

সংবাদমেলখনৰ যোগেদি এই এছএজিৱাইৰ কামৰ টেণ্ডাৰ কেতিয়া হৈছিল,ক'ত হৈছিল-এই সকলো তথ্য ৰাজহুৱা কৰিবলৈ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই দাবী জনায়। 
        

তেওঁ লগতে কয় যে বিভাগটোত এতিয়া অৰাজকতা বিৰাজ কৰিছে। বিভাগটোৰ স্বচ্ছ ভাৰত অভিযানৰ বেংক একাউন্ট ষ্টেট বেংকৰ পৰা এইচডিএফচি বেংকলৈ নিয়াৰ ৰহস্য কি বুলিও তেওঁ প্ৰশ্ন কৰে।  
     

সেয়েহে অসমীয়া যুৱ মঞ্চই এই সকলো বিষয়ৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক অচিৰেই স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও জিতুল ডেকাই মন্তব্য কৰে।

Your Comments