নলবাৰীৰ পৰা হেমন্ত কলিতা
ওড়িশাত আবদ্ধ হৈ পৰিছে অসমৰ তীৰ্থযাত্ৰী।পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা তীৰ্থযাত্ৰীসকল 'ফানী' ধুমুহাৰ বাবে মন্দিৰটোৰ সন্মুখৰ যাত্ৰীনিৱাসত আৱদ্ধ হৈ আছে।
বৰ্তমান নলবাৰী জিলাৰ টিহুৰ প্ৰায় শতাধিক তীৰ্থযাত্ৰীৰ লগতে জিলাখনৰ অন্যান্য প্ৰান্তৰো শতাধিক তীৰ্থ যাত্ৰী পুৰীত আবদ্ধ হৈ আছে।
ৰে'ল চলাচল বাতিল কৰাত হাহাকাৰ অৱস্থা হৈছে তীৰ্থযাত্ৰীসকলৰ মাজত ।ইতিমধ্যে তীৰ্থযাত্ৰীসকলে উদ্ধাৰৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে অসম চৰকাৰলৈ।
- Log in to post comments
- 11 views