তামুলপুৰ পৰা অভিজিৎ তালুকদাৰ
বহি:ৰাজ্য কৰ্ণাটকত মৃত্যু হ'ল তামুলপুৰৰ চ'কামাৰীৰ এগৰাকী যুৱকৰ ৷ মৃত যুৱকজনৰ নাম জয়কান্ত কলিতা (৩১) । কৰ্ণাটকৰ উডুপি জিলাৰ মেচাৰ্চ কাৰাৱলি ওচেন প্ৰডাক্টচ প্ৰা: লি: নামৰ কোম্পানী এটাত কৰ্মৰত আছিল যুৱকজন ৷ কালি মৃত জয়কান্তৰ পত্নীয়ে জয়কান্তই আত্মহত্যা কৰা বুলি বায়েকক ফোনযোগে জনাইছিল যদিও বায়েকে সবিশেষ জানিব বিচৰাত ফোনৰ যোগাযোগ বিছিন্ন কৰি দিছিল৷
জয়কান্তৰ বায়েকে লগে লগে পৰিয়াল তথা আত্মীয়-স্বজনক খবৰটো দিয়াত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে ৷ পিছত জয়কান্তৰ পৰিয়ালৰ লোকে কৰ্ণাটকত থকা গাঁঁৱৰ অন্য এজন ল'ৰাৰ পৰা জয়কান্তৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে ৷ কালিয়েই পৰিয়ালৰ দুজন লোক কৰ্ণাটক অভিমুখে ৰাওনা হয়।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বিগত ১২ বছৰ ধৰি জয়কান্তই উল্লিখিত কোম্পানীটোত কাম কৰি আছিল ৷ দুবছৰ আগতে একে কোম্পানীত কাম কৰা কৰ্ণাটকৰ যুৱতী ৰেণুকা গৌড়াৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷যোৱা বছৰ তামুলপুৰৰ ঘৰলৈকো আনিছিল ৰেণুকাক ৷ যোৱা মাঘ বিহুৰ সময়ত জয়কান্ত অকলে ঘৰলৈ আহিছিল আৰু এটি গৃহ নিৰ্মানৰ কাম আৰম্ভ কৰিছিল৷কিন্তু পত্নী ৰেণুকাৰ হাতত জমা থকা ধন জয়কান্তক নিদিয়াক লৈ দুয়োৰে মাজত ফোনতে বাকযুদ্ধ হৈছিল ৷
গৃহ নিৰ্মাণৰ কামত প্ৰয়োজন হোৱা ধন নোপোৱাত জয়কান্তই যোৱা ২২ এপ্ৰিলত তামুলপুৰৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জয়কান্তৰ পত্নী ৰেণুকা গৌড়াৰ হাতত জমা আছিল বৃহৎ পৰিমাণৰ ধন ৷ ইয়াকে লৈ চলি আছিল দুয়োৰে মাজত সংঘাত ৷
ইয়াৰ মাজতে ২ মে'ত হঠাৎ জয়কান্তৰ আত্মহত্যাৰ খবৰে পৰিয়ালৰ লোকক মৰ্মাহত কৰি তুলিছে ৷পৰিয়ালৰ লোকে অভিযোগ কৰা মতে জয়কান্তৰ পত্নীয়ে ধনৰ লোভতে পৰিকল্পিতভাৱে জয়কান্তক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলে চেষ্টা কৰিছে ৷ জয়কান্তৰ মৃত্যুৰ খবৰ পাই পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন শোকত ভাগি পৰিছে
- Log in to post comments
- 10 views