আমগুৰি ৰাজহ চক্ৰ বিষয়া আৰু হালোৱাটিং আৰক্ষীৰ যুটীয়া অভিযানত অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত সোমবাৰে লক্ষাধিক টকাৰ গুটখা জব্দ কৰা হয় ৷ উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং এতিয়া হৈ পৰিছে নিচাযুক্ত সামগ্ৰীৰ ঘাটি । কেইমাহমানৰ আগতে শিৱসাগৰ আৰক্ষীয়ে নিচাযুক্ত টেবলেটৰ লগতে ব্ৰাউন ছুগাৰ জব্দ কৰাৰ পাছত আজি আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়া আৰু হালোৱাটিং আৰক্ষীৰ যুটীয়া অভিযানত লক্ষাধিক টকাৰ এই গুটখাখিনি জব্দ কৰে ।
সীমান্তৱৰ্তী অঞ্চলটোৰ কৃষ্ণ পাণ ভাণ্ডাৰ, সুনীল দাস আৰু দে পাণ ভাণ্ডাৰত অভিযান চলাই সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ৰাজ্য চৰকাৰে ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰীসমূহৰ মুকলিকৈ বিক্ৰীত নিষেধাজ্ঞা অৰোপ কৰিছে যদিও হালোৱাটিঙৰ লগতে আমগুৰিৰ উপকণ্ঠ অঞ্চলত প্ৰশাসনৰ সন্মুখতে এনে সামগ্ৰী বিক্ৰী হৈ থকাৰ অভিযোগ পোৱা গৈছে ৷
- Log in to post comments
- 6 views