এদল নিৱনুৱা উদ্যমী যুৱক-যুৱতী । চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি নাথাকি নিজৰ কৃষিকৰ্মেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এইসকল উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে । বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰৰ "বৰলুইত" নামৰ এন জি অ'ৰ সদস্য এওঁলোক । উচ্চ শিক্ষিত এই যুৱক-যুৱতীসকলৰ ভিতৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰীও ।
ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বস্বান্ত কৰা এখন ক্ষুদ্ৰ গাঁও ৰৌমাৰী পাথাৰৰ আজিম উদ্দিন আহমেদ, কিতাপ আলী আহমেদ, জেহেৰুল ইছলাম, বাহাৰুল ইছলাম আদি বি এ, এম এ ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলে কোনো চৰকাৰী চাকৰিৰ পিছত নুঘূৰি 'বৰলুইত' নামেৰে এই এন জি অ'টো খুলি নিজকে কৃষিকৰ্মত নিয়োজিত কৰিছে । চেঙা উন্নয়ন খণ্ডৰ তৰফৰ পৰা "বৰলুইত" এন জি অ'ই পোৱা চৰকাৰী আঁচনিৰ ধনেৰে আঠ বিঘা মাটিত কৰিছে এওঁলোকে বিভিন্ন ধৰণৰ কৃষিকাৰ্য।
থাইলেণ্ডৰ বগৰী, উন্নতজাতৰ নেমু গছ, থলুৱা জলকীয়া, কুঁহিয়াৰ, মৰাপাট, নাৰিকল, তামোল আদি বিভিন্ন খেতি কৰিছে যুৱক-যুৱতীসকলে । এইসকল উদ্যমী যুৱক-যুৱতীৰ কৃষিকাৰ্যৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ দেওবাৰে ৰৌমাৰী পাথাৰৰ খেতিপথাৰত উপস্থিত হয় চেঙা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত গোস্বামী আৰু কনিষ্ঠ অভিযন্তা তমিজউদ্দিন আহমেদ ।
এইসকল যুৱক-যুৱতীৰ পদ্ধতিগত কৃষিকাৰ্য দেখি সন্তুষ্টি প্ৰকাশ কৰে খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত গোস্বামীয়ে । ৰঞ্জিত গোস্বামীয়ে এই যুৱক-যুৱতীসকল বৰপেটা জিলাৰ লগতে অসমৰ আদৰ্শ বুলি মন্তব্য কৰাৰ লগতে ভবিষ্যতে আৰু ভাল ধৰণে কৃষিকৰ্ম কৰি নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ আনহাতে, ১৯জনীয়া এন জি অ'টোৰ কৰ্মকৰ্তাসকলেও এই কৃষিকৰ্মৰে সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিব বুলি এশ শতাংশই আশাবাদী বুলি জানিবলৈ দিয়ে ।
এই মাহত জলকীয়া বিক্ৰী কৰিও যথেষ্ট লাভৱান হোৱা বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে । ৰাজ্যখনত নিৱনুৱাই গিজগিজাই থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত ৰৌমাৰী পাথাৰৰ এইসকল শিক্ষিত যুৱক-যুৱতীৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে ।
- Log in to post comments
- 10 views