লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ এলেকাধীন বানমুখ গাঁওখন মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত উছন যোৱাৰ উপক্ৰম ঘটিছে ৷ মিছিং জনগোষ্ঠীয়ে বসবাস কৰা বানমুখত চলিত বৰ্ষৰ আগলৈকে ৭০টা পৰিয়ালে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছিল যদিও বৰলুইতৰ খহনীয়াত ভেটি, মাটি হেৰুৱাই ইতিমধ্যে ১২টা পৰিয়ালে স্বয়ংপাতিৰ, বৰবিল, দিৱানা আদি ঠাইত লোকৰ কৃষিভূমিত নতুনকৈ ঘৰ নিৰ্মাণ কৰি থাকিবলগীয়া হৈছে ৷
চলিত বাৰিষাত বৰ্তমানলৈকে মণিৰাম পাটিৰ, লক্ষীন্দ পাটিৰ, বিন্দুৰাম পাটিৰ, মনবাং পাটিৰ আৰু লাল পাটিৰকে ধৰি ১২টা পৰিয়ালৰ ভেঁটি-মাটি খহনীয়াত জাহ যোৱাত অন্য ঠাইলৈ ঢাপলি মেলিবলগা হৈছে ৷ বছৰ বছৰ ধৰি খহনীয়াৰ কবলত পৰি গাঁওখনৰ ভূমি সংকুচিত হৈ আহিছে যদিও জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ একমাত্ৰ চৰকাৰী বিদ্যালয় বানমুখ প্ৰাথমিক বিদ্যালয়খন খহনীয়াৰ কবলত পৰাত গৰমৰ বন্ধৰ সময়তে বিদ্যালয়খনৰ পকী গৃহ ভাঙি ৰাইজে নিজাববীয়াকৈ অন্য স্থানত প্ৰতিষ্ঠা কৰিছে ৷
ইফালে গাঁওখনৰ জেঠামল পাটিৰ, কামেশ্বৰ পাটিৰ, মহন্ত পাটিৰ, শৰ্মা পাটিৰ, টংকেশ্বৰ দলে, বীৰেণ পাটিৰ, ডাক্তৰ পেগুকে ধৰি প্ৰায় দুকুৰি পৰিয়ালে বানমুখ এৰি অন্য স্থানলৈ যাবলৈ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এইসকল লোকে তৃতীয়বাৰৰ বাবে ঠিকনা সলনি কৰিবলৈ বাধ্য হৈছে ৷
- Log in to post comments
- 29 views