হাতুৰিৰ  কোবত  চূৰ্ণ-বিচূৰ্ণ জ্যোতিৰ 'জয়শ্ৰী'

jyashree

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা :
ৰাজ্যৰ  ঐতিহ্যসমূহ  সংৰক্ষণ আৰু  সংবৰ্ধন  কৰাটো  চৰকাৰৰ  দায়িত্ব । জাতি-মাটি-ভেটি  ৰক্ষাৰ  শ্ল'গান  দিয়া  সৰ্বানন্দ  সোনোৱাল  নেতৃত্বধীন  ৰাজ্য চৰকাৰখনে  এই  ঐতিহ্যমণ্ডিত  সম্পদসমূহৰ  সংৰক্ষণৰ  ক্ষেত্ৰত  গুৰুত্ব নিদিয়াৰ  গুৰুতৰ  অভিযোগ  উত্থাপিত  হৈছে । চৰকাৰৰ   অৱহেলাৰ  বাবেই  নগাঁও  চহৰৰ  মাজমজিয়াত  অৱস্থিত  এক  বোলছবি গৃহই  ব্যৱসায়ীৰ  হাতুৰীৰ কোবত  চূৰ্ণ-বিচূৰ্ণ হৈ  পৰিছে । ৰূপকোঁৱৰ  জ্যোতিপ্ৰসাদ  আগৰৱালা স্মৃতি বিজড়িত  বোলছবি  গৃহটি  হৈছে 'জয়শ্ৰী চিনেমা  হল" ।  এনে  ক্ষেত্ৰত  নগাঁৱৰ সচেতনমহল  মৰ্মাহত  হৈ পৰিছে । নগঞা  ৰাইজে এই  চিনেমাগৃহটি  'ঐতিহ্যক্ষেত্ৰ' গৃহ  হিচাপে  সংৰক্ষণ  কৰিবৰ  বাবে  অসম  চৰকাৰ আৰু নগাঁও জিলা প্ৰশাসনক  দাবী জনাইছিল  যদিও চৰকাৰে
এইক্ষেত্ৰত  কোনো  গুৰুত্ব নিদিলে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  কাষত  অৱস্থিত এই  চিনেমাগৃহটি ১৯৩৮ চনত  জ্যোতিপ্ৰসাদ আগৰৱালাই  নিৰ্মাণ কৰিছিল । সেইসময়ত নগাঁৱৰ  এজন  ব্যৱসায়ীৰ  পৰা  লীজত লৈ  আগৰৱালাই  ঐতিহ্যবহনকাৰী  এই চিনেমাগৃহটি বৰজীয়ৰী জয়শ্ৰীৰ  নামেৰে নামাকৰণ কৰিছিল ।এই  চিনেমাগৃহটিতেই  ১৯৩৯ চনত  আগৰৱালাই  দ্বিতীয় কথাছবি  'ইন্দ্ৰমালতী' প্ৰদৰ্শন  কৰা  হৈছিল । পৰৱৰ্তী সময়ত  চিনেমাগৃহটি  চোৱাচিতা  কৰিছিল  জ্যোতিপ্ৰসাদৰ  ভাতৃ  হৃদয়ানন্দ আগৰৱালাই । কেইবছৰমান   আগলৈকে
 উচ্চ  মানবিশিষ্ট  চিনেমা চলি থকা  গৃহটি বিভিন্ন কাৰণত  বন্ধ হৈ  পৰিল । পাছত চিনেমাগৃহ আৰু  ভূমিৰ  মালিকীস্বত্ব  লাভ কৰে  নগাঁৱৰ  কোটিপতি ব্যৱসায়ী ধনপত খেৰাৱতে।
তেতিয়াই  ব্যৱসায়ীজনে চিনেমাগৃহটি  বন্ধ কৰি  দিয়াৰ  লগতে গৃহটি  ভাঙি সেই স্থানত  "শ্বপিং মল" স্থাপনৰ  পৰিকল্পনা  কৰে । বন্ধ হৈ থকা এই চিনেমাগৃহ
সংৰক্ষণৰ  বাবে  জনমত গঠনৰ উদ্দেশ্য  নগাঁৱৰ  পাৰ্থজিৎ  বৰুৱাই  সাহিত্য আৰু সাংস্কৃতিক  ক্ষেত্ৰখনক  লগত লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ
 ১১৫ সংখ্যক জন্মজয়ন্তীৰ  লগত  সংগতি ৰাখি ২০১৮ চনৰ ১৭ জুনত  এখন সংবাদমেলৰ দ্বাৰা ব্যৱসায়ীজনৰ  চিনেমাগৃহটি  ভঙাৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা  কৰাৰ লগতে  ইয়াক সংৰক্ষণ কৰিবৰ বাবে  দাবী তুলিছিল । অসমীয়া  সংস্কৃতিৰ  এইগৰাকী  পুৰোধা ব্যক্তিৰ
স্মৃতি দিৱস প্ৰতি বছৰে বহুকেইটা  জাতীয় সংগঠনে  উদযাপন  কৰি আহিছে  যদিও  পুৰোধা ব্যক্তিগৰাকীৰ  স্মৃতি বিজড়িত  নগাঁৱৰ  এই  চিনেমাগৃহটি ভাঙি  পেলোৱাৰ পাছত চৰকাৰ,সাহিত্য সভা  আদিৰ গা নলৰিল ।সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ  স্মৃতি  বিজড়িত কলকাতা  আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ  সম্বলপুৰৰ  বাসভৱন সংৰক্ষণৰ  বাবে  অসম চৰকাৰে  কিছু পদক্ষেপ গ্ৰহণ  কৰিছে  যদিও  আগৰৱালাৰ  স্মৃতি  বিজড়িত  নগাঁৱৰ এই  গৃহটি  সংৰক্ষণৰ  ব্যৱস্থা  গ্ৰহণ  নকৰাটো  অতি  দুৰ্ভাগ্যজনক  বিষয় বুলি  চিহ্নিত  হৈছে ।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ  স্মৃতি দিৱসত  প্ৰশংসাৰে উপচাই  পেলোৱা  অসম  সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে  "টু" শব্দ এটা নকৰাত  সাহিত্য সভাকো  সমালোচনা  কৰিছে নগাঁৱৰ  সচেতনমহলে । আনকি  কেইমাহমান  পূৰ্বে নগাঁৱৰ  দুটামান  সংগঠনে "জয়শ্ৰী চিনেমা গৃহ"ৰ  সন্মুখত  প্ৰতিবাদ  সাব্যস্ত কৰিছিল  । সাহিত্য-সংস্কৃতিৰ  ক্ষেত্ৰত  অসমৰ  ভিতৰতে  গুৰুত্বপূৰ্ণ  স্থান দখল কৰা  নগাঁৱৰ  কোনো সাহিত্যিক-সাংস্কৃতিক  ব্যক্তিয়ে  এই  ঐতিহ্যমণ্ডিত  চিনেমাগৃহটি  সংৰক্ষণৰ  বাবে  জনমত গঠন কৰিবলৈ  আগবাঢ়ি নাহিল ।

ঐতিহাসিক সম্পদৰাজি সংৰক্ষণৰ  বাবে অসম চৰকাৰে বিশেষ  পদক্ষেপ  গ্ৰহণ কৰাৰ  কথা ঘোষণা কৰিছিল  যদিও  কোনো ব্যৱস্থা  নল'লে । জানিব পৰা  মতে এই  গৃহটি  সংৰক্ষণৰ  বাবে  কোনেও  ব্যৱসায়ীজনৰ  লগত  এবাৰো  যোগাযোগ  নকৰিলে  ।

Your Comments