জালাহৰ পৰা গুঞ্জন দাস
৫ নং লোকসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৬৩ নং চাপাগুৰী। সমষ্টিটোত থকা ভোটকেন্দ্ৰসমূহত ৰাতিপুৱাৰে পৰা ভোটাৰৰ লানি নিচিগা সোঁত দেখা গৈছে। তাৰ মাজতে কেতবোৰ ঠাইত ইভিএমৰ বিসংগতি পৰিলক্ষিত হয় যাৰ বাবে বিভিন্ন ঠাইত ভোটাৰে আক্ষেপ প্ৰকাশ কৰিছে। কিছু সময় আগতে চৰ্ণা বজাৰ ছোৱালী এম ই স্কুলৰ ইভিএম এটা বিকল হৈছিল যদিও নিৰ্বাচনী বিষয়াৰ তৎপৰতাত ততাতোয়াকৈ সক্ষম কৰা হয়।
ভোটদান কাৰ্যসূচী অতি সুচাৰুৰূপে ৰূপায়ন হোৱা বুলি চেক্টৰ বিষয়া এন বড়োৱে জানিবলৈ দিছে ।
- Log in to post comments
- 6 views