বঙাইগাঁওৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ দল ৰাওনা 

bangaigaon

বঙাইগাঁও ২২ এপ্ৰিলঃ  ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'বলগীয়া  তৃতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন সাজু হৈছে ৷ ইতিমধ্যে বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ পৰা বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ আজি পুৱাৰে পৰা ই ভি এম আৰু ভি ভি পেট মেচিনসহ যাৱতীয় সা- সামগ্ৰীসমূহলৈ নিৰ্বাচনত নিয়োজিত  প্ৰিজাইডিং আৰু পোলিং বিষয়াই নিৰাপত্তাৰক্ষীসহ নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰলৈ ৰাওনা হয় ৷

উল্লেখ্য যে আৰক্ষীৰ জ'নেল আৰু ছেক্টৰ তথা চিভিল জ'নেল আৰু চিভিল ছেক্টৰ বিষয়াসকলো প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলৰ লগত গৈছে । ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ৷ আনহাতে জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে জানিবলৈ দিয়া মতে সমষ্টিটোত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সেইদৰে নিৰ্বাচনী বিষয়াসকলৰ লগতে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ভোট গ্ৰহণ কেন্দ্ৰসমূহত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ সমষ্টিটোৰ আঠটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি জানিবলৈ দি এই ভোট গ্ৰহণ কেন্দ্ৰকেইটাত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল মহিলা হোৱাৰ লগতে নিৰাপত্তাৰ দায়িত্বতো মহিলা আৰক্ষী থাকিব বুলি কয় ৷bangaigaon2

তেওঁ সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ কাৰ্য সম্পূৰ্ণ হ'ব বুলিও আশা ব্যক্ত কৰে ৷  উল্লেখ্য যে  ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত মুঠ ১,৭২,৬০০ গৰাকী ভোটাৰ আছে ৷ ইয়াৰে ৮৬,৫২৭ গৰাকী পুৰুষ আৰু ৮৬,০৭৩ গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰ  যদিও ইয়াৰ ভিতৰত ১৯০ টা কেন্দ্ৰ বঙাইগাঁও জিলা প্ৰশানৰ আৰু ৫২ টা কেন্দ্ৰ চিৰাং জিলা প্ৰশানৰ অধীনত পৰিছে ৷bgn

ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ৫২ টা কেন্দ্ৰ নগৰ অঞ্চলত, ১৭৯ টা কেন্দ্ৰ গ্ৰামাঞ্চলত আৰু ৯ টা কেন্দ্ৰ ৰেলৱে এলেকাত পৰিছে ৷ সেইদৰে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে সমষ্টিটোক  ন টা জ'ন আৰু ৩২ টা ছেক্টৰত ভাগ কৰা হৈছে ৷ গঠন কৰা হৈছে ২৮ টা বিভিন্ন চেল ( Cell) ৷ সমষ্টিটোৰ ৩২ টা ভোট গ্ৰহণ কেন্দ্ৰ জটিল, ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৩২ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে ৷ আনহাতে তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে থকাৰ লগতে ৮ টা ভোট গ্ৰহণ কেন্দ্ৰত মহিলাই পৰিচালনা কৰিব ৷ তিনিটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হ'ল ৪১ নং নতুনপাৰা এল পি স্কুল, ১৮৭ নং বীৰঝৰা কন্যা মহাবিদ্যালয় ( সোফাল)  আৰু ১৮৮ নং বীৰঝৰা কন্যা মহাবিদ্যালয় ( বাও ফাল)  ৷

সেইদৰে মহিলাই পৰিচালনা কৰা আঠটা ভোট গ্ৰহণ কেন্দ্ৰ হ'ল ৩৩ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল( বাও ফাল) ,৩৫ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল( সোফাল), ৩৬ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল ( উত্তৰ দিশ)  ৩৭ নং উত্তৰ বাইগাঁও এইচ ই স্কুল ( পূব দিশ) , ২০০ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( উত্তৰ দিশ)  ,২০১ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( পশ্চিম দিশ) , ২০২ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( দক্ষিণ দিশ) আৰু ২০৩ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল (পূব দিশ)  ৷  ভোটগ্ৰহণ পৰ্ব পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব ৷

Your Comments