ধুবুৰীৰ বাসন্তীপুৰত বিপিএফৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  নিৰ্বাচনী প্ৰচাৰ

HB

গোসাঁইগাঁও,২১ এপ্ৰিল-আজি ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী,বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ লগতে দলটোৰ বিভিন্ন নেতৃবৃন্দ উপস্থিত থকা আজিৰ এই সভাখনত সকল কেইবা সহস্ৰাধিক মানুহ উপস্হিতিত থাকে।।

ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে  নিৰ্বাচনৰ পিছত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে কোনো  মহিলাই বিধৱা হোৱাৰ ৪০ দিনৰ ভিতৰত চৰকাৰৰ পৰা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য লাভ কৰাৰ লগতে মেডিকেল আৰু ইউনিভাৰ্চিটিত  পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ খৰচৰ বাবদ প্ৰতি মাহত ৭০০ টকাকৈ বহন কৰিব চৰকাৰে।

 নিৰ্বাচনৰ পিছত ২০ টকাত কেৰাচিন আৰু  টকাত চেনী দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে হিমন্তই। নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ  বিনামূলীয়া কিতাপ, প্ৰথম বিভাগত উত্তীৰ্ণ ছোৱালীৰ বাবে বেটাৰী চালিত স্কুটি, দুখীয়া ছোৱালীৰ বিয়াত এক তোলা সোণ প্ৰদান কৰিব বুলিও তেওঁ  প্ৰতিশ্ৰুতি দিয়ে ।

Your Comments