#হিমন্ত বিশ্ব শৰ্মাৰ হাতত বদৰউদ্দিন আজমলৰ ৰিম'ট কন্ট্ৰ'ল: আব্দুল খালেক

khalek

 চেঙাৰ পৰা সুৰজিৎ পাঠক ,২১ এপ্ৰিল:   বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বৰমাৰাত দেওবাৰে  কংগ্ৰেছৰ অন্তিমখন বিশাল  নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। সভাখনত ৬নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ কথা উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে । এআইইউডিএফৰ সভাপতি বদৰউদ্দিন আজমলকো ক্ষুৰধাৰ সমালোচনা কৰি আব্দুল খালেকে কয় যে আজমলৰ ৰিম'ট কন্ট্ৰোল হিমন্তবিশ্ব শৰ্মাৰ হাতত।

যোৱা বিধানসভাৰ নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে লিয়াকত আলী খানক প্ৰাৰ্থীত্ব দিয়াৰ সলনি চেঙা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই  মনোৱাৰা খাতুনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল আৰু মনোৱাৰা খাতুনৰ পৰা বদৰউদ্দিন আজমলে এক কোটি টকা প্ৰাৰ্থীত্ব প্ৰদানৰ নামত উৎকোচ লোৱা বুলি অভিযোগ কৰাৰ লগতে এআইইউডিএফ দলক বিজেপিৰ 'বি' টীম বুলি উল্লেখ কৰে  আব্দুল খালেকে। অগপ দলক ভ্ৰষ্টাচাৰী দল বুলি আখ্যা দি আব্দুল খালেকে কয় যে শ্বহীদৰ তেজৰ বিনিময়ত চৰকাৰ গঠন কৰি অগপ দলে শ্বহীদৰ নামত একো নকৰিলে।bhumi

১৯৯৭ চনত এই অগপ চৰকাৰেই ডি-ভোটাৰৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰে আব্দুল খালেকে। ডি-ভোটাৰৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে সংসদত বজ্ৰ কন্ঠেৰে মাত মাতিব বুলি প্ৰতিশ্ৰুতি দিয়ে। লোকসভা নিৰ্বাচনৰ অন্তিমখন নিৰ্বাচনী সভাৰ অন্তিমটো নিৰ্বাচনী ভাষণত আব্দুল খালেকে সাংসদ নিৰ্বাচিত হ'লে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্প, কয়াকুছিৰ ঢাৰি শিল্প সংৰক্ষণ আৰু উন্নয়নৰ বাবে  ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ভাষণৰ জৰিয়তে উল্লেখ কৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মনে নিৰ্বাচনী সভাখনত উপস্থিত থাকি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে- 'এতিয়া মোডীৰ ইচ্ছাই আইন হৈ পৰিছে ।bhumi2

সংবিধান আজি সংকটত , সংকটত ধৰ্ম নিৰপেক্ষ শব্দটো। গণতন্ত্ৰ আজি বিপদাপন্ন। বৰ্তমান দেশত স্বেচ্ছাচাৰী শাসন চলিছে। বিজেপিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অসমৰ ভাষা-সাহিত্য- সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে।বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচৰা কাৰ্যৰ বাবে এতিয়া মানুহৰ মন সলনি হৈছে।গতিকে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকক সংসদলৈ নিৰ্বাচিত কৰিব লাগিব।'  আনহাতে অগপৰ একাংশ নেতাই গাদীৰ লোভত বিজেপিৰ স'তে মিত্ৰতা কৰা বুলিও বৰ্মনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সৰুক্ষেত্ৰীৰ যুৱ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে যে এইবাৰৰ নিৰ্বাচন কেৱল সাংসদ বনোৱাৰ নিৰ্বাচন নহয়; এইবাৰৰ নিৰ্বাচন ভাৰতৰ সংবিধান ৰক্ষাৰ নিৰ্বাচন,  এইবাৰৰ নিৰ্বাচন শান্তিৰে বসবাস কৰাৰ নিৰ্বাচন, এইবাৰৰ নিৰ্বাচন অধিকাৰৰ নিৰ্বাচন, হিন্দু-মুছলমান একেলগে জীয়াই থকাৰ নিৰ্বাচন। নৰেন্দ্ৰ মোডী আৰু বিজেপি দলে সকলোতকৈ যদি বেয়া  অপৰাধ কৰিছে, বেইমানী কৰিছে হিন্দুসকলৰ লগত কৰিছে কাৰণ তেওঁলোকৰ পবিত্ৰ ঘৰ মন্দিৰৰ কথা কৈ ভোট লৈছে কিন্তু মন্দিৰ বনোৱা নাই।সেয়া ধৰ্মৰ নামত ধৰ্মত আঘাত হানিছে, ধৰ্মৰ কথা কৈ বেইমানী কৰিছে।

যিয়ে ধৰ্মৰ কথা কৈ  বেইমানী কৰে ভগবানে তাক কেতিয়াও ক্ষমা নকৰে বুলি ভাষণ প্ৰসংগত  উদাত্ত কন্ঠেৰে মন্তব্য কৰে । কংগ্ৰেছে সমন্বয়ৰ বাবে কাম কৰে কিন্তু বিজেপি আৰু এআইইউডিএফে ভাগ ভাগ কৰাৰ ৰাজনীতি কৰে বুলিও স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে মন্তব্য কৰে।

Your Comments