তামুলপুৰত বি পি এফৰ বিশাল পদ যাত্ৰা

roadshow

 অভিজিৎ তালুকদাৰ, তামুলপুৰ, ২১ এপ্ৰিল

সপ্তদশ লোক সভা (তৃতীয় পৰ্যায়) নিৰ্বাচনলৈ মাজত মাত্ৰ  এটা দিন বাকী থকাৰ সময়তে ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিৰ তামুলপুৰত  বিভিন্ন  দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত উঠিছে। প্ৰতিটো দলে নিজৰ নিজৰ প্ৰাৰ্থীক  সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ দিনে নিশাই অহৰহ প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে। আজি প্ৰচাৰৰ শেষদিনা তামুলপুৰ মটঙাচকত থকা বি পি এফৰ ৰ কাৰ্যালয়ৰ পৰা আবেলি ৪ বজাত বি জে পি-অ গ প-বি পি এফৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰণী ব্ৰহ্ম সমৰ্থনত এক বিশাল পদ যাত্রা উলিয়াই।rd

বি পি এফৰ  মুখ্য কাৰ্যালয় ৰ পৰা আৰম্ভ কৰা পদ যাত্ৰা তামুলপুৰ মহকুমা সদৰৰ মাজেৰে ৭ কিলোমিটাৰ  পদ পৰিভ্ৰমন কৰি পুণৰ মটঙাস্হিত বি পি এফৰ কাৰ্যালয়ত সমাপ্ত কৰে। পদ যাত্ৰা ত সমৰ্থনক সকলে আকৌ এবাৰ মোদী চৰকাৰ, নঙলৰ ছবিত ভোট দিয়ক, প্ৰমিলা ৰাণী ব্ৰহ্ম জিন্দাবাদ, বি পি এফ জিন্দাবা দ আদি শ্লোগান দি আকৌ এবাৰ মোদী চৰকাৰৰ গীতৰ তালে তালে নাচিবাগি পদ যাত্ৰা কৰে। পদ যাত্ৰাত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক ইমানুবেল মুছাহাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, প্ৰাক্তন এম চি এল এ চণ্ডী বসুমতাৰী লগতে তিনি শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

Your Comments