বাসন্তীপুৰত প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাবে মন্ত্ৰী হিমন্ত বিশ্বৰ  প্ৰচাৰ:

himanta

গোসাঁইগাঁওৰ পৰা মাণিক ইছলাম


আজি ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী,বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আদি নেতৃবৃন্দই। বাসন্তীপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত কেইবাসহস্ৰাধিক লোকৰ উপস্হিতিত ভাষন প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ পিছত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। আনহাতে নিৰ্বাচনৰ পিছত ২০ টকাত কেৰাচিন আৰু ১৫ টকাত চেনী দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্তই। নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া কিতাপ, প্ৰথম বিভাগত উত্তীৰ্ণ ছোৱালীৰ বাবে বেটাৰীচালিত স্কুটি,দুখীয়া ছোৱালীৰ বিয়াত এক তোলা সোণ প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

Your Comments