গোসাঁইগাঁৱত ধৰ্ষণকাৰীক উত্তম-মধ্যম দি ৰাইজে গতালে আৰক্ষীক

gosai

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলাম

গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ অন্তৰ্গত দামৰাপাৰাত এজন বলাৎকাৰী লম্পট যুৱকক আজি উত্তম-মধ্যম দি ৰাইজে শিমুলটাপু আৰক্ষীক গতাই দিয়ে।প্ৰাপ্ত তথ্য মতে, নাৰায়ণ দে'(৩৬) নামৰ যুৱকজনে নিজ গৃহত কাম কৰা এগৰাকী ১২ বছৰীয়া ছোৱালীক সাতমাহৰ পৰা বলপূৰ্বকভাবে ধৰ্ষণ কৰি আহিছিল।সেই কথা প্ৰকাশ কৰিলে প্ৰাণ মৰাৰ  ভাবুকি প্ৰদান কৰাত কন্যাগৰাকীয়ে ইমান দিনে পিতৃ-মাতৃক অৱগত কৰা নাছিল।


কিন্তু শেহতীয়াভাৱে শাৰিৰীক পৰিৱৰ্তনক লক্ষ্য কৰি পিতৃ-মাতৃয়ে প্ৰশ্ন কৰাত ছোৱালীজনীয়ে সকলো কথা জনায়।তাৰ পিছত চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা-নীৰিক্ষা কৰাত সাতমাহৰ অন্তঃসত্বা বুলি চিকিৎসকে অৱগত কৰে।


পৰৱৰ্তী পৰ্যায়ত স্হানীয় ৰাইজ আৰু জাতীয় সংগঠনৰ একাংশ লোকে লম্পট নাৰায়ন দেক সোধ-পোচ কৰাত নিজৰ কুকৰ্মৰ কথা স্বীকাৰ কৰে।তেতিয়া ৰাইজে উত্তম-মধ্যম দি শিমুলটাপু আৰক্ষী চকীত গতাই দিয়ে।নাবালিকা ছোৱালীক ধৰ্ষণ কৰা  নাৰায়ন দে'ক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্হানীয় ৰাইজ আৰু ভূক্তভোগী পৰিয়ালটোৱে।

Your Comments