বঙাইগাঁওৰ পৰা প্ৰণৱ কুমাৰ ডেকা
সংযুক্ত মুক্তি বাহিনী অসমে (আলফা) অসমৰ জাতীয় স্বাৰ্থতে বহু যত্ন আৰু বহু প্ৰত্যাশাৰে অসম- ভাৰত সংঘাতৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধান প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো ৷ যোৱা ৮ টা বছৰে এই আলোচনা চলাই আহিছো ৷ এই মন্তব্য আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ ৷ দেওবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী ১ নং নোৱাপাৰাস্থিত অসম নৱ নিৰ্মাণ কেন্দ্ৰত পালন কৰা আলফাৰ ৭০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আলফাৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ আলফাৰ সভাপতি ৰাজখোৱাই নিজৰ অভিভাষণত কয় যে বিগত দিনবিলাকত আলোচনাৰ এজেণ্ডাৰ উন্নয়নমূলক বিষয়বোৰত সহমতত উপনীত হ'লেও ৰাজনৈতিক বিষয়ত বিশেষভাৱে অসমীয়া জাতি-জনগোষ্ঠী তথা জনজাতিকে প্ৰমুখ্য কৰি সমূহ খিলঞ্জীয়া জনসমাজৰ সম্পদ আৰু ভূমিৰ অধিকাৰ তথা ৰাজনৈতিক -সংবিধানিক সুৰক্ষাৰ বিষয়ত সহমতত উপনীত হ'ব পৰা নাই ৷ এই কাৰণতে আলোচনা বিলম্ব হৈছে ৷ অৱশ্যে আমি পূৰ্বে ভাৰত যুক্তৰাষ্ট্ৰৰ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আলোচনা চূড়ান্ত কৰাৰ দাবী ঘোষণা কৰা হৈছিল ৷ ন'হলে আলোচনা ত্যাগ কৰাৰ সিদ্ধান্তও ব্যক্ত কৰা হৈছিল ৷ কিন্তু আলোচনাৰ ৰেহৰূপ আৰু পৰিস্থিতিলৈ লক্ষ্য ৰাখি শেহতীয়াভাৱে কেন্দ্ৰীয় সমিতিয়ে আলোচনা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় ৷ সভাপতিগৰাকীয়ে লগতে আলোচনাৰ আকাংক্ষিত উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'বলৈ হাজাৰ সমালোচনা আৰু কটাক্ষ নেওচি দৃঢ়তা আৰু ধৈৰ্যৰে আগুৱাই যাবলৈকো প্ৰতিষ্ঠা দিৱসৰ ক্ষণত সংগঠনটোৰ সৰ্বস্তৰৰ সৰ্তীৰ্থবৃন্দলৈ আহ্বান জনায় ৷
আনহাতে আলফাই ভাৰতীয় লোকসভা নিৰ্বাচন অথবা বিধানসভা নিৰ্বাচনত কিয় অংশ নলয়, সেই সন্দৰ্ভত সংগঠনটোৰ স্থিতি স্পষ্ট কৰি সভাপতি ৰাজখোৱাই কয় - আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাকক্ষণত হোৱা আলফাৰ সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে আলোচনাৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত নোহোৱালৈকে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী ৰাজনীতিত অংশ লোৱাৰ পৰা সংগঠনটো বিৰত থাকিব ৷ কিন্তু অসমৰ জনগণক নিৰ্বাচন বৰ্জন কৰিবলৈ দিয়া ধৰণৰ কাৰ্যসুচী সংগঠনটোৱে গ্ৰহণ কৰা নাই ৷ কেন্দ্ৰৰে আলোচনা চূড়ান্ত পৰ্যায়ত উপনীত নোহোৱা পৰ্যন্ত এই সিদ্ধান্তই কাৰ্যকৰীভাৱে বলবৎ থাকিব বুলিও কয় ৷ইফালে, ভূটানত নিৰুদ্দিষ্ট আলফা সদস্যসকলৰ সন্দৰ্ভত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে আলোচনাৰ সমগ্ৰ আঠ বছৰীয়া কালত সংগঠনটোৱে এই বিষয়ে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে ৷ কিন্তু ভাৰত চৰকাৰৰ আন্তৰ্জাতিক কূটনৈতিক ৰাজনীতিৰ বাবে তেওঁলোকৰ পৰা পাব লগা আৱশ্যকীয় সহযোগিতাৰ অভাৱত নিৰুদ্দিষ্টসকলৰ সন্ধানৰ বিষয়টো চূড়ান্ত হ'ব পৰা নাই ৷ এই জ্বলন্ত সমস্যাটোৰ এক সিদ্ধান্ত গ্ৰহণেৰে পৰিয়ালকেইটিক সমাধান দিয়াত সংগঠনটো দায়বদ্ধ হৈ কাম কৰি আছে আৰু কৰি যাব বুলি কয় ৷ আলফাৰ সভাপতিগৰাকীয়ে বিগত আঠ বছৰীয়া আলোচনা কালত সতীৰ্থ বৃন্দৰ সংস্থাপনৰ বিষয়টোও গুৰুত্বসহকাৰে লোৱা হৈছে বুলি উল্লেখ কৰি আলোচনাই চুক্তিত উপনীত নোহোৱালৈকে সংগঠনৰ সদস্যসকলৰ আদালতত চলি থকা গোচৰ আৰু সংস্থাপনৰ দিশটো অপেক্ষা কৰিব লাগিব কয় ৷ অৱশ্যে তথাপি চুক্তিৰ পৰ্যায়লৈকে অপেক্ষা নকৰি চৰকাৰী সহযোগিতা আৰু চৰকাৰী বিভিন্ন আঁচনিৰ অধীনত সা- সুবিধা আদায় কৰি সংস্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ অসমৰ গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, দৰং, নগাওঁ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত মুঠ ন টা নৱ নিৰ্মাণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি সহযোদ্ধাসকলক সংস্থাপন কৰা হৈছে ৷
সভাপতিগৰাকীয়ে নিজৰ অভিভাষণৰ আৰম্ভণিতে সংগঠনটোৰ সৰ্বস্তৰৰ সহযোদ্ধা আৰু জাতীয় ছহিদসকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ লগতে অসমৰ সমূহ খিলঞ্জীয়া অসমীয়া জনগণক বিপ্লৱী অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰে ৷ আনহাতে সতীৰ্থবৃন্দলৈ জ্ঞাপন কৰে প্ৰতিষ্ঠা দিৱসৰ বিপ্লৱী শুভেচ্ছা ৷ অনুষ্ঠানত জাতীয় ছহিদৰ পৰিয়ালক সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আলফাৰ উপ সভাপতি প্ৰদীপ গগৈ, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশ চৌধুৰীকে ধৰি ৰাজু বৰুৱা, অমৰজিৎ গগৈ, মৃণাল হাজৰিকা, প্ৰাণজিৎ শইকীয়া, কাবেৰী কছাৰী ৰাজখোৱাসহ আলফাৰ নেতা - নেত্ৰী তথা বিভিন্ন প্ৰান্তৰ পৰা অহা সদস্যসকল উপস্থিত থাকে ৷
উল্লেখ্য যে প্ৰতিষ্ঠা দিৱস উপলক্ষে আলফাৰ পতাকা উত্তোলন কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই আৰু ছহিদ তৰ্পণ কৰে উপ সভাপতি প্ৰদীপ গগৈয়ে ৷ ইপিনে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত চৰকাৰৰ লগত আমাৰ আলোচনা প্ৰক্ৰিয়া চলি আছে যদিও আমাৰ কিন্তু সংগ্ৰামখন শেষ হৈ যোৱা নাই ৷ আমাৰ সংগ্ৰামখন গণতান্ত্ৰিকভাৱে আৰু নিৰস্ত্ৰভাৱে অব্যাহত আছে আৰু অব্যাহত থাকিব ৷ যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ সাংবিধানিক সুৰক্ষা, ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ প্ৰাপ্তি নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও কয় ৷
- Log in to post comments
- 37 views