মতা মাছ-মাইকী মাছ, লোকেল-চালানিৰ দৰে তুলুঙা কথাৰে নগাঁৱত চলিছে নিৰ্বাচনী প্ৰচাৰ

news asn

নগাঁৱৰ পৰা ৱাহিদুদ জামান


বান- গৰাখহনীয়া সমস্যা, নিবনুৱাৰ সমস্যা,কৃষকৰ সমস্যা,চিকিৎসাখণ্ডৰ সমস্যা আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অবিভক্ত নগাঁও জিলা।


অবিভক্ত জিলাখনত ছয়টাকৈ মৃত উদ্যোগ,ডেৰ লক্ষাধিক নিবনুৱা, হাজাৰ হাজাৰ খহনীয়াত সৰ্বস্ব হেৰুৱাই ঠিকনাবিহীন হোৱা লোক আছে।কিন্তু অত্যন্ত পৰিতাপৰ বিষয়যে অবিভক্ত জিলাখনৰ এই জলন্ত সমস্যাসমূহক লৈ মুঠেই চিন্তিত নহয় ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়ক, সাংসদসকল।অবিভক্ত জিলাখনৰ নগাঁও,কলিয়াবৰ, হোজাই, মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে।কিন্তু বিজেপি, কংগ্ৰেছ, অগপ কোনো এটা ৰাজনৈতিক দলৰেই প্ৰাৰ্থীৰ মুখত এবাৰো উচ্চাৰিত হোৱা নাই অবিভক্ত জিলাখনৰ জ্বলন্ত সমস্যাসমূহৰ কথা।


ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ লগতে সংশ্লিষ্ট দলৰ প্ৰাৰ্থীসকলে কেৱল পৰস্পৰে পৰস্পৰৰ দোষ খুচৰি বোকা ছটিওৱা, হোৱাই নোহোৱাই পৰস্পৰে পৰস্পৰক গালি-গালাজ পৰা, লানি-নিচিগা প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে যদিও অভিভক্ত নগাঁও জিলাৰ ছটাকৈ মৃত উদ্যোগক পুনৰুজ্জীৱিত কৰা, অবিভক্ত জিলাখনৰ কলিয়াবৰ, চামগুৰি, ধিং, মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও প্ৰমুখ্যে বিভিন্ন ঠাইত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ সমস্যা, বান সমস্যা, ডেৰ লক্ষাধিক নিবনুৱাৰ সমস্যা,ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি ঘৰ-মাটি হেৰুৱাই ঠিকনাবিহীন হৈ পৰি বছৰৰ পাছত বছৰ ধৰি মথাউৰিৰ ওপৰতে জুপুৰিত দুৰ্বিসহ জীৱন কটোৱা অবিভক্ত জিলাখনৰ হাজাৰ হাজাৰ লোকৰ পুনৰ সংস্হাপনৰ সমস্যা,কৃষক-শ্ৰমিকৰ সমস্যাৰ সন্দৰ্ভত টু শব্দ এটাও উচ্চাৰণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে।সেয়েহে অবিভক্ত জিলাখনৰ ৰাইজে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰিত মুঠেই আশ্বস্ত হ'ব পৰা নাই।
  

সম্প্ৰতি কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু অগপ দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। 


১০ নম্বৰ নগাঁও লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে পৰস্পৰে পৰস্পৰক ক্ষুৰধাৰ সমালোচনা কৰিয়েই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।নগাঁও লোকসভা সমষ্টিটোত বিজেপি দলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বাহিৰৰ লোক বুলি কৈ ,কংগ্ৰেছৰ এআইইউডিএফৰে সম্পৰ্ক থকা বুলি সমালোচনাৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে।


ঠিক একেদৰে,১১নম্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ভুল অসমীয়া উচ্চাৰণ, মতামাছ, মাইকী মাছ প্ৰসঙ্গ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমালোচনাকেই নিৰ্বাচনী প্ৰচাৰৰ মুখ্য বিষয় কৰি লৈছে।ঠিক একেদৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়েও অগপ-বিজেপিৰ নিৰ্বাচনী মিত্ৰতা, নাগৰিকত্ব সংশোধনী বিধেয়ক,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাটোতহে বেছি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।


সংসদীয় সমষ্টি দুটাত সকলো ৰাজনৈতিক দলৰ নেতা, প্ৰাৰ্থীয়ে কেৱল পৰচৰ্চা, বোকা ছটিওৱা ৰাজনীতি, মতামাছ, মাইকী মাছ, লোকেল-বাহিৰৰ আদি তুলুঙা অথাৰে নিৰ্বাচনী প্ৰচাৰ চলাই জ্বলন্ত সমস্যাৰাজিক উপেক্ষা কৰাত সচেতন ভোটাৰ ৰাইজ ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হৈছে।

Your Comments