বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
শাসকীয় চৰকাৰৰ জনপ্ৰতিনিধিসকলে সভাই- সমিতিয়ে দিয়া বক্তব্যত কৰ্মসংস্কৃতিৰ আমূল পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিলেও কিছুমান বিভাগৰ বিষয়া-কৰ্মচাৰীৰ আচৰণৰ মুঠেও পৰিৱৰ্তন হোৱা নাই।
তেনে এটা বিভাগ হৈছে অসম চৰকাৰৰ জলসস্পদ বিভাগ।উক্ত বিভাগৰ বিষয়া- কৰ্মচাৰীসকলে বাৰিষা আহিলে লৰা-ঢপৰা কৰা দেখা যায় যদিও খৰালি কালত চাহ দোকান, পাণ দোকানত আড্ডা দিয়েই চৰকাৰী কৰ্তব্য পালন কৰে।যাৰ ফলত তেওঁলোকৰ ওপৰত দায়িত্ব দিয়া মঠাউৰিসমূহ হাবি- জংঘলে আগুৰি ধৰে।
নলবাৰী আৰু কামৰূপ জিলাৰ সীমাৰে বৈ যোৱা বৰলীয়া নৈৰ দুয়োপাৰৰ মথাউৰিৰ অৱস্থা দেখিলে সাধাৰণ ৰাইজে তাত বিভাগীয় কোনো কৰ্মচাৰী নাই বুলিলেই অনুমান কৰিব।
বিভাগটোৰ নলবাৰী আৰু ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত দুয়ো পাৰৰ মথাউৰি জংঘল গজি হাবিৰ নিচিনা পৰিৱেশ হৈ পৰিছে। উক্ত মথাউৰিৰ দায়িত্বপ্ৰাপ্ত শাখা বিষয়া,শাখা সহায়ক আৰু খালাচিসকলে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিলে মথাউৰিৰ সাধাৰণ মেৰামতি সম্পূৰ্ণ হয়। কিন্তু তাকে নকৰি এইসকল চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কৰ্তব্যটোকো ঠিকমতে পালন নকৰি চৰকাৰক প্ৰতিদিনে প্ৰতাৰণা কৰি আহিছে।
দুয়ো পাৰৰ মথাউৰি কেইবাঠাইতো বিপদজনক অৱস্থাত আছে।সেই ঠাইসমূহ বাৰিষাৰ আগতে মেৰামতি নকৰিলে ভাঙি যোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে।নৈপৰীয়া ৰাইজে বাৰিষাৰ আগতে দুয়োপাৰৰ মঠাউৰি চাফ-চিকুন কৰাৰ লগতে বিপদসংকুল ঠাইসমূহৰ চিনাক্ত কৰি মেৰামতিৰ দাবী কৰিছে।
- Log in to post comments
- 23 views