দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ মন আকৃষ্ট কৰাৰ বাবে এতিয়া উন্নয়নৰ সোঁত বৈছে ৰাজ্যত।কিন্তু উন্নয়নৰ নামত মাথো ভেকোভাওনাহে চলিছে চৰকাৰৰ কামকাজসমূহত।এই দৃশ্য হৈছে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাপৰটাৰী গাঁৱৰ।নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ নৌহওঁতেই ফাট মেলিছে ৰাস্তাত।
এফালৰ পৰা মিস্ত্ৰীয়ে নিৰ্মাণ কৰি গৈ আছে আৰু সম্পূৰ্ণ হোৱা পথত ন্যূনতম শিল,বালি,ব্লগ,চিমেণ্ট আদিৰে অতি কম খৰচত ঠিকাদাৰে পথটো নিৰ্মাণ কৰাৰ ফলত চপৰা-চপৰে খহা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।
- Log in to post comments
- 25 views