মাহজাতীয় শস্যই আমাৰ খাদ্যক্ৰমত এক বিশেষ ভূমিকা গ্ৰ্ৰহণ কৰি আহিছে। আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় লাইচিন নামৰ প্ৰ’টিনবিধ মাহজাতীয় শস্যত যথেষ্ট পৰিমাণে পোৱা যায়, যিটো ধানজাতীয় শস্যত পোৱা নাযায়। সেইবাবেই ভাত আৰু দাইলৰ সঠিক অনুপাত আমাৰ সুষম আহাৰৰ বাবে অতি আৱশ্যক| মাহজাতীয় শস্যত থকা জটিল শৰ্কৰা অতি লাহে লাহে হজম হোৱাৰ বাবে ই বহুমূত্ৰ ৰোগীৰ বাবে অতি উত্তম আহাৰ বুলি পৰিগণিত হৈছে। তদুপৰি, মাহজাতীয় শস্যবিলাকত চৰ্বীৰ পৰিমাণ অতি কম আৰু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ফাইবাৰ বা আঁহ যথেষ্ট পৰিমাণে থাকে। সেইবাবেই এই শস্যবিলাকৰ গ্লাইছেমিক সূচাংক অতি কম। গৱেষণাৰ পৰা দেখা গৈছে যে আমাৰ খাদ্য তালিকাত ৮ভাগ ধানজাতীয় খাদ্যৰ বিপৰীতে ২ভাগ মাহজাতীয় শস্য থকা উচিত। মাহজাতীয় শস্যৰ গুৰুত্বৰ বিষয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰে পৰা ৬০০ বছৰৰ আগতেই উপলব্ধি কৰিছিল। সেয়েহে তেখেতে প্ৰসাদ হিচাপে মগুমাহ আৰু বুটমাহৰ প্ৰচলন কৰিছিল। ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকীয় প্ৰ’টিনৰ প্ৰয়োজনক পূৰণ কৰাৰ চেষ্টা কৰিছিল। সেই সময়ত আমাৰ অসমত বেছিকৈ প্ৰচলিত আছিল কলামাহ আৰু মাটিমাহ। সেই তাহানিৰ পৰা আজিলৈকে মাটিমাহৰ খাৰ বা টেঙা আৰু কলামাহৰ বৰ বা গুড়া অসমীয়া মানুহৰ প্ৰিয় খাদ্য হিচাপে চিহ্নিত হৈ আহিছে।
পৰিতাপৰ বিষয় যে বৰ্তমান মাটিৰ দাইলৰ দাম প্ৰতিকিলোগ্ৰামত ১০০ টকাৰ ওপৰত হৈছে। দেখা গৈছে যে এই দাম সাধাৰণ মগু বা মচুৰ দালিতকৈ বহুত বেছি। কিছু বছৰৰ আগলৈকে অসমৰ গাঁওসমূহত মাটিদালি আৰু কলামাহৰ দালি উভৈনদী আছিল আৰু ফলত গাঁৱৰ বিয়া-সবাহ, ভোজ-ভাত সকলোতে মাটিদালিৰ তৰকাৰীৰ ব্যৱস্থা আছিল। লগতে কিছুসংখ্যক লোকে, যিসকলে অধিক দামৰ বাবে মচুৰ বা মগুমাহ কিনিব পৰা নাছিল, তেওঁলোকে মাটিমাহেই বেছিকৈ ব্যৱহাৰ কৰিছিল। কিন্তু বৰ্তমান দেখা গৈছে যে আমাৰ মাটিমাহৰ উৎপাদন দিনে দিনে কমি আহিছে আৰু অন্য ৰাজ্যৰ পৰা অহা মাটিমাহ অধিক দামত ক্ৰয় কৰিবলৈ আমি বাধ্য হৈছোঁ। সেয়েহে, অসমীয়া মানুহৰ প্ৰিয় খাদ্য ঔটেঙা দিয়া মাটিদালিৰ টেঙা আঞ্জা বা ওলকবি-অমিতা দিয়া মাটিমাহৰ খাৰখনৰ বাবে আমি পঞ্জাবৰ পৰা অহা মাটিমাহলৈ বাট চাই ৰোৱাৰ দিন আহি পৰিছে। লগতে মাহজাতীয় শস্যৰ বাবে ৰাজ্যখনৰ পৰা এক বুজন পৰিমাণৰ ধন বাহিৰলৈ ওলাই গৈছে। সমীক্ষাৰ পৰা দেখা গৈছে যে ৰাজ্যখনে উৎপাদন কৰা মাহজাতীয় শস্যই আমাৰ মুঠ চাহিদাৰ ২০ শতাংশহে পূৰণ কৰিব পাৰে। বাকী ৮০ শতাংশৰ বাবে আমি পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আদি ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰা আমদানি কৰা মাটিমাহৰ লগত ফেৰ মাৰিব পৰা জাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চিলঙণিস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত উদ্ভাৱন কৰা হৈছে আৰু এইবিলাক অসমৰ কৃষক ৰাইজৰ বাবে ইতিমধ্যে অনুমোদনো কৰা হৈছে। কিন্তু দেখা গৈছে যে আমাৰ কৃষকসকলৰ মাহখেতিৰ প্ৰতি অনীহা। ইয়াৰ মূল কাৰণ হিচাপে তেওঁলোকে ক’ব বিচাৰে যে মাহত হোৱা বনবাত বা অপতৃণৰ সমস্যা, বেমাৰ আৰু পোক-পৰুৱাৰ আক্ৰমণ, উন্নত জাত-বীজৰ যোগান সময়মতে নোপোৱা, উদঙীয়া গৰু-ছাগলীৰ সমস্যা ইত্যাদি। অপতৃণ, বেমাৰ আৰু পোক-পৰুৱাৰ আক্ৰমণ সকলো প্ৰকাৰৰ শস্যতে কম-বেছি পৰিমাণে হয়। কৃষকসকলে অতি সহজে ইয়াৰ পৰা হাত সাৰিব পাৰিব যদিহে কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত কৃষি অনুমোদনাৱলী সঠিকৰূপে প্ৰয়োগ কৰে।
এইটো অনস্বীকাৰ্য যে উন্নতমানৰ বীজৰ অভাৱ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰধান অন্তৰায়। দেখা গৈছে যে মাহজাতীয় শস্যৰ প্ৰতি আগ্ৰহী কৃষকো কেতিয়াবা কেতিয়াবা উন্নত বীজৰ অভাৱৰ বাবে থমকি ৰ’বলগা হয়। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি কৃষকসকলক খেতিৰ সময়ত বীজবিলাক কৃষকৰ নিজৰ গাঁৱতে পোৱাৰ সু-ব্যৱস্থা কৰিব লাগিব। মাহজাতীয় শস্যৰ বীজৰ এই অসুবিধা আঁতৰ কৰিবৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে মাহজাতীয় শস্যৰ বীজৰ (Pulse Seed Hub) ভঁৰাল আঁচনিৰ জৰিয়েত বীজ উৎপাদন কৰি কৃষকৰ অভাৱ পূৰণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাহজাতীয় শস্যৰ খেতিৰ সময়ত কৃষকসকলে পোৱা আন এটি প্ৰধান সমস্যা উদঙীয়া গৰু-ছাগলীৰ সমস্যাটো তেওঁলোকে গাঁৱৰ ভিতৰতেই সমাধান কৰিব পাৰিব লাগিব| তেতিয়াহে আমাৰ কৃষকসকলে ধানখেতিৰ পাছত মাহজাতীয় শস্যৰ খেতি কৰি ৰাজ্যখনক দাইল শস্য্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিব।
উপৰোক্ত সমস্যাসমূহৰ উপৰি আমাৰ ৰাজ্যখনত মাহজাতীয় শস্যৰ উৎপাদন কম হোৱাৰ এটি প্ৰধান কাৰণ হৈছে কৃষকসকলৰ একাংশৰ কৃষিকৰ্মৰ প্ৰতি অনীহা। চৰকাৰী সুবিধাসমূহে বিশেষকৈ কৃষকসকলক কম দামত চাউল আদিয়ে এনে কাৰ্যত অনুঘটক হিচাপে কাম কৰাও পৰিলক্ষিত হৈছে। সমস্যা আমাৰ থাকিবই, কিন্তু এই সমস্যাসমূহ অতিক্ৰম কৰি কিদৰেনো অধিক মাহজাতীয় শস্যৰ উৎপাদন কৰিব পাৰি, তাৰবাবে প্ৰয়োজন হোৱা কৃষি ব্যৱস্থাৱলী ইতিমধ্যে অসমৰ কৃষকৰ বাবে অনুমোদন কৰা হৈছে আৰু ৰাজ্যখনৰ প্ৰায় প্ৰতিখন জিলাতে অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি কৃষকসকলক বিভিন্ন শস্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ নিৰন্তৰ প্ৰচেষ্টা চলি আছে। এতিয়া মাথোঁ প্ৰয়োজন আমাৰ কৃষকসকলৰ আগ্ৰহ আৰু চৰকাৰী সহযোগিতা বিশেষকৈ সুলভ মূল্যত, সঠিক সময়ত উন্নতমানৰ বীজৰ যোগানৰ ক্ষেত্ৰত।
মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। শস্যক্ৰমত যিকোনো এটি মাহজাতীয় শস্যৰ খেতি কৰি মাটিৰ উৰ্বৰতা অক্ষুণ্ন ৰখাৰ লগতে শস্যৰ বেমাৰ আৰু পোক-পৰুৱাৰ আক্ৰমণ প্ৰতিহিত কৰিব পাৰি।তদুপৰি, শালিধানৰ লগত ‘ৰিলে শস্য’ হিচাপে সকলো মাহজাতীয় শস্যৰ (ৰাজমাহৰ বাহিৰে) খেতি কৰিব পাৰি।দেখা গৈছে যে যিসকল কৃষকৰ পানী যোগানৰ সু-ব্যৱস্থা আছে, তেওঁলোকে শালিধানৰ পিছত বৰোধানৰ খেতি কৰিবলৈ বেছি আগ্ৰহী। দীৰ্ঘদিনীয়া শস্য হিচাপে বৰোধানৰ খেতিত যথেষ্ট পৰিমাণে পানী দিবলগীয়া হয়, যাৰবাবে ইয়াৰ ব্যয় যথেষ্ট বৃদ্ধি পায়। কিন্তু অতি কম পানীতে মাহজাতীয় শস্যৰ খেতি কৰিব পাৰি।গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতি কিলোগ্ৰাম ধান উৎপাদনত প্ৰয়োজন হোৱা ১৮০০-২০০০ লিটাৰ পানীৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম মাহজাতীয় শস্য উৎপানৰ বাবে প্ৰয়োজন হোৱা পানীৰ পৰিমাণ ৩৮০-৪০০ লিটাৰ মাত্ৰ। গতিকে কম পানীৰে, কম খৰচতে, হাল নোবোৱাকৈ শালিধানৰ লগত ‘ৰিলে শস্য’হিচাপেও মাহজাতীয় শস্যৰ খেতি কৰি আমাৰ কৃষকসকল লাভৱান হোৱাৰ লগতে ৰাজ্যখনৰ মাহজাতীয় শস্যৰ চাহিদা পূৰণত অৰিহণা যোগাব পাৰে।
মাহজাতীয় শস্যৰ বীজৰ সংৰক্ষণ বিশেষকৈ মাটিমাহ, মচুৰমাহ আৰু মগুমাহৰ ক্ষেত্ৰত কিছু সমস্যা আছে। কিন্তু বিজ্ঞানসন্মত সংৰক্ষণ পদ্ধতি জালুকৰ গুড়া (৩ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজৰ বাবে) ব্যৱহাৰ কৰি মাহজাতীয় শস্যৰ বীজ আমাৰ কৃষকসকলে অতি সহজে সংৰক্ষণ কৰি ঘৰত ব্যৱহাৰ কৰাৰ উপৰি সময়ত খেতিৰ বাবে সিঁচিবও পাৰিব। অসমৰ অনিশ্চিত বৰষুণ আৰু জলবায়ু যদিও মাহজাতীয় শস্যৰ প্ৰধান অন্তৰায়, কিন্তু ইয়াৰ পৰাও পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা আছে। মাত্ৰ আমাৰ কৃষকসকল আগবাঢ়ি আহি কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত মাহজাতীয় শস্যৰ ক্ষেত্ৰত ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাৰ বাবে হাতে-কামে লাগি যোৱাৰ সময় আহি পৰিছে।
- Log in to post comments
- 181 views